২৪ ঘণ্টাত কৰ’ণাত মৃত্যুৰ সংখ্যা ২০০০জন, কোনখন দেশত দেখা দিছে এই ভয়াবহ পৰিস্থিতি

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
দেশখনে WHOক প্ৰদান কৰা ধনৰ সাহায্য বন্ধ কৰি দিব
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰ’ণা ভাইৰাছে। ইটালীৰ পিছতে নৰসংহাৰ চলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰত। দ্ৰুতগতিত সংক্ৰমণ হৈছে শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাত। ২৪ ঘণ্টাত আমেৰিকাত মৃত্যুৰ সংখ্যা ২০০০জন।

এইপৰ্যন্ত আমেৰিকাত ১২,৮৫৪জন লোকৰ মৃত্যু হৈছে। আনহাতে দেশখনত এইপৰ্যন্ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪লাখ ৪১২জন। যাৰ বাবে ভয়ানক পৰিস্থিতি হৈ পৰিছে আমেৰিকাত।

আনহাতে এক বিষ্ফোৰক মন্তব্য দিছে ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ পৰা WHOক প্ৰদান কৰা ধন বন্ধ কৰি দিব আমেৰিকাই। WHOৰ ওপৰত খৰ্গহস্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্ত।

বিশ্ব স্বাস্থ্য সংস্থা, WHOৰ ওপৰত গুৰুত্বৰ অভিযোগ দিছে ট্ৰাম্পে। কৰ’ণা সন্দৰ্ভত কেৱল চীনৰ ওপৰতেই WHOয়ে গুৰুত্ব দিয়াৰ অভিযোগ। হোৱাইট হাউছৰ এক সংবাদমেলত WHOৰ ওপৰত এইদৰে মন্তব্য দিয়ে ট্ৰাম্পে। উল্লেখ্য যে, আমেৰিকাই WHOক প্ৰদান কৰি আহিছিল বৃহৎ পৰিমাণৰ ধন।

Photo Credit: science

Related Post