দুলীয়াজানত নিষিদ্ধ হ’ল শিল্পী কৃষ্ণমণি চুতীয়া। কেৱল কৃষ্ণমণি চুতীয়াই নহয় পৱিত্ৰ মাৰ্ঘেৰিটা,গায়ত্ৰী মহন্ত আৰু আকাশদ্বীপকে ধৰি ‘কা’ৰ সমৰ্থনত থকা শিল্পীসকলক দুলীয়াজানত নিষিদ্ধ কৰা হৈছে। এতিয়াৰ পৰা এইসকল শিল্পীক দুলীয়াজানত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠানত গীত-মাত পৰিৱেশনৰ লগতে ভাগ ল’বলৈ দিয়া নহ’ব।
আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আগছু বৃহত্তৰ মহিলা মঞ্চকে ধৰি ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনে লৈছে এই কঠোৰ সিদ্ধান্ত। দুলীয়াজানত এক সংবাদমেল আয়োজন কৰি এই কঠোৰ সিদ্ধান্তৰ কথা সদৰী কৰিছে সংগঠনকেটাই। লগতে বিজেপিৰ শান্তি সমদলো দুলীয়াজানত বাহিৰ কৰিব দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে সংগঠনকেইটাই।
Photo Credit: @abdulrajjak