অসংখ্য গুনমুগ্ধৰ উপস্থিতিত ৰাজ্যিক মৰ্য্যদাৰে বুধবাৰে নিশা শেষকৃত্য সম্পন্ন বাঘজানৰ তৈলখাদত নিহত হোৱা অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুই কৰ্মচাৰী দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁঁইৰ।
মৰোণত্তৰ পৰীক্ষাৰ অন্তত দুয়োৰে মৃতদেহ দুলীয়াজানত উপস্থিত হোৱাৰ পিছত বিভিন্ন দল সংগঠনৰ লগতে অইল কৰ্তৃপক্ষৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
প্ৰথমে দুয়ো গৰাকীৰ নশ্বৰদেহ লৈ যোৱা হয় অইলৰ শ্ৰমিক কাৰ্য্যলয়লৈ।
আৰু তাতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝা, আৰক্ষী অধীক্ষক সুৰজিৎ টিৰ লগতে অইলৰ শ্ৰমিক সকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তাৰ পিছতেই দুৰ্লভ গগৈৰ নশ্বৰ দেহ নামৰূপৰ নিজ ঘৰলৈ লৈ যোৱাৰ হয়।
আনহাতে তিখেশ্বৰ গোহাঁইৰ মৃতদেহ চাবুৱাস্থিত নিজ ঘৰলৈ লৈ যোৱা হয় আৰু তাত তেওঁলোকৰ শেষকৃত্য সম্পন্ন হয়।
বুধবাৰে নিশা দুয়োৰে বাসগৃহত মৃতদেহ আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।


মৃত্যুৰ সময়লৈকে নিজৰ কৰ্ম নিষ্ঠা দায়িত্ব সহকাৰে পালন কৰি অকাল মৃত্যুক সাৱতি লোৱা দুয়োগৰাকীয়ে পাবনে ন্যায়? এতিয়া পৰিয়ালৰ সকলোৰে মুখে মুখে এই একেটাই প্ৰশ্ন।
Photo Credit: @abdulrajjak