Skip to content

মিকা সিং-লু মাজাও আদিৰে উদুলি মুদুলি দৈজিং উৎসৱ, নিতি মোহনৰ বিহু গীতে মুহিলে ৰাইজক

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এই দৈজিং উৎসৱ ২৭ ডিচেম্বৰ ২০১৯ৰ পৰা আৰম্ভ হৈছে আৰু ৭ জানুৱাৰী ২০২০ লৈ থাকিব
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

অসমৰ চিৰাং জিলাত হৈ থকা দৈজিং উৎসৱত উদুলি মুদুলি পৰিৱেশ। গীতৰ সমাহাৰ, খাদ্যৰ পোহাৰ, বানিজ্যিক মেলা সকলোৱে হাত বাউলি মাতিছে মানুহক। মানুহৰ সমাগমেও বিৰ দি বাট নপোৱা অৱস্থা কৰি পেলাইছে। ইমানেই মানুহৰ সমাগম ঘটিছে যে ঘন্টা ঘন্টা ধৰি মানুহ ভিতৰত প্ৰৱেশৰ বাবে লাইন পাতিব লগীয়া হৈছে বাহিৰত।

তাৰোপৰি ৰাস্তাত হৈছে কেইবা কিলোমিটাৰ ধৰি যানজট। পিছে মানুহৰ উৎকণ্ঠাৰ অৱসান নাই। দিনে দিনে বৃদ্ধি পাবলৈহে ধৰিছে আৰু অধিক জনসমাগমৰ। দৈজিং উৎসৱৰ কৰ্তৃপক্ষয়ো দৰ্শকক নিৰাশ কৰা নাই। প্ৰতিদিনেই বিখ্যাত বিখ্যাত সংগীত শিল্পী, নৃত্য শিল্পী, কৌতুক শিল্পীক নিমন্ত্ৰণ জনাইছে।

প্ৰতিদেনেই আগমণ ঘটিছে হেজাৰ হেজাৰ দৰ্শক। কালি নিশাৰ ভাগতো হেজাৰ দৰ্শকে ভৰি পৰিল দৈজিং উৎসৱথলী। যোৱা নিশা এই উৎসৱত নিমন্ত্ৰণ পাইছিল বলিউডৰ বিশিষ্ট সংগীত শিল্পী মিকা সিং, আৰু নিতি মোহনে। মিকা সিঙে ‘মস্ত কলন্দৰ’ গীতটোৰে পাতনি মেলে নিশাটোৰ। লগতে কন্ঠশিল্পী নিতি মোহনৰ কন্ঠত অসমীয়া বিহুগীতে ৰজনজনাই তোলে সম্পূৰ্ণ উৎসৱৰ বাকৰি। ‘তোক দেখি মোৰ গা’ বিহুগীতটো গোৱাৰ লগতে তালে তালে এপাক নাচিও দিলে শিল্পী গৰাকীয়ে।

এই মহোৎসৱ থলীতেই যোৱা নিশা নিমন্ত্ৰণ পাইছিল উত্তৰ পূবৰ জনপ্ৰিয় কণ্ঠশিল্পী লু মাজাও। বয়স বাঢ়িলেও উদ্যোম একে থকা এইগৰাকী শিল্পীয়ে হাড় কপোৱা শীততো খালি গাৰে পৰিৱেশন কৰিলে গীত। ইয়াৰ বাহিৰেও নিশা নিমন্ত্ৰিত অতিথি হৈ ৰাইজক হাঁহিৰ খোৰাক দিয়ে লচ্চাই। লচ্চা হৈছে জনপ্ৰিয় কৌতুক অনুষ্ঠান দা কপিল শৰ্মা শ্ব’ৰ কিকু সাৰদা।

লগতে আৰু অন্য বহুতো বিশিষ্ট ব্যক্তিও উপস্থিত থাকে এই দৈজিং উৎসৱত। তাৰে ভিতৰত অন্যতম হৈছে অসম লগতে ভাৰতৰে বিশিষ্ট ডিজাইনাৰ লেকমি ফেশ্বন উইক খ্যাত সংযুক্তা দত্ত। উল্লেখ্য যে এই দৈজিং উৎসৱ ২৭ ডিচেম্বৰ ২০১৯ৰ পৰা আৰম্ভ হৈছে আৰু ৭ জানুৱাৰী ২০২০ লৈ থাকিব।

Inputs : @ prasanta ray

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp