বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰে আৰ্থিক সমীক্ষা। এই সমীক্ষাত ২০২০-২১ৰ GDPৰ অনুমান ৬ৰ পৰা ৬.৫ শতাংশ বিচাৰ কৰিছে। আৰ্থিক সমীক্ষাত কোৱা হৈছে যে চলিত বিত্তীয় বৰ্ষত আৰ্থিক বৃদ্ধি দৰ ৫ শতাংশ হোৱাৰ সম্ভাৱনা। সমীক্ষা অনুসৰি চৰকাৰে নিৰ্বাচনত লাভ কৰা জনাদেশৰ ব্যৱহাৰ কৰি আৰ্থিক সংস্কাৰৰ প্ৰক্ৰিয়াক দ্ৰুতগতিৰে আগবঢ়াব লাগে।
আৰ্থিক সমীক্ষাত চৰকাৰী বেংকৰ সঞ্চালন ব্যৱস্থাত পৰিৱৰ্তন আৰু বিশ্বাস ধৰি ৰাখিবলৈ আৰু অধিক জাননী ৰাজহুৱাভাৱে প্ৰকাশ কৰিবৰ বাবে জোৰ দিয়াৰ কথা কোৱা হৈছে। এই সমীক্ষাত আশা প্ৰকাশ কৰা হৈছে যে চৰকাৰে ২০২০ৰ বাজেটত ব্যক্তিগত কৰদাতাসকলৰ বাবে আয়কৰ ৰেহাইৰ ঘোষণা কৰাৰ সম্ভাৱনা। লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ ঘোষণা কৰিব পাৰে বাজেটত।