25.4 C
Guwahati
Friday, September 10, 2021
More

    অনুগ্ৰহ কৰি মোক কিছিং কিং বুলি নক’ব;অন্তৰত দুখ পাওঃ ইমৰাণ হাছমী

    মাৰ্ডাৰ','জহৰ','জন্নত','আৱাৰাপন'ত অভিনয় কৰা ইমৰান হাছমীজনৰ কেতিয়াবাই মৃত্যু হৈছে। সেইখিনি সময় মোৰ জীৱনৰ বেলেগ এটা অধ্যায় আছিল

    বলীউডৰ কিছিং কিং বা চু্ম্বন কুমাৰ ৰূপেৰে পৰিচিত অভিনেতা ইমৰাণ হাছমীয়ে দৰ্শকলৈ জনোৱা এক অনুৰোধে ব্যাপক চৰ্চা লাভ কৰিছে। চিনেমাত অভিনেত্ৰীৰ সৈতে দীঘলীয়া চুম্বনৰ দৃশ্যত অভিনয় কৰি অভিনেতাজন সন্মুখীন হয় আহিছে বিভিন্ন সমালোচনাৰ। ইমৰাণ হাছমীয়ে অনুৰোধ জনাইছে তেওঁক বেড বয় বুলি কওক, ছিৰিয়েল কিলাৰ বুলি কওক একো আপত্তি নাই কিন্তু তেওঁক যাতে কোনেও কিছিং কিং বা ছিৰিয়েল কিছাৰ বুলি অভিহিত নকৰে। এই নামটোৱে তেওঁক বৰ অশান্তি দিয়ে।

    সদ্যহতে ইমৰাণ হাছমী ব্যস্ত আছে ‘দ্য বডী’ নামৰ এখন ছাচপেঞ্চ, থ্ৰীলাৰধৰ্মী চিনেমাৰ কামত। চিনেমাখনৰ ট্ৰেলৰ ইতিমধ্যে মুকলি কৰা হৈছে আৰু দৰ্শকৰ সমাদৰো লাভ কৰিছে। দ্য বডীয়ে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ১৩ ডিচেম্বৰত। চিনেমাখনৰ প্ৰচাৰৰ কামত ব্যস্ত থকা ইমৰাণে এক অনুষ্ঠানত ভাগ লৈ কয়- আপোনালোকে মোক অনুগ্ৰহ কৰি ছিৰিয়েল কিছাৰ বুলি নক’ব। মই কেতিয়াও এনেদৰণৰ চিনেমাৰ চৰিত্ৰক গুৰুত্ব সহকাৰে লোৱা নাই। মই এনেধৰণৰ চৰিত্ৰৰ পৰা কেতিয়াবাই বাহিৰ ওলাইছো। দৰ্শকে মোক লৈ তেনে উপলব্ধি কিয় কৰে নুবুজো ! এইবোৰ সকলো মিডিয়াই দিয়া উপাধি। মোৰ কাম চিনেমাত অভিনয় কৰা, মই কেৱল সেয়াই কৰি আহিছো।

    Photo Credit: Hindi Rush

    অভিনেতাগৰাকীয়ে লগতে কয় মই চুম্বনৰ দৃশ্যতকৈ ছিৰিয়াচধৰ্মী অভিনয়হে বেছি কৰিছো। ‘মাৰ্ডাৰ’,’জহৰ’,’জন্নত’,’আৱাৰাপন’ত অভিনয় কৰা ইমৰান হাছমীজনৰ কেতিয়াবাই মৃত্যু হৈছে। সেইখিনি সময় মোৰ জীৱনৰ বেলেগ এটা অধ্যায় আছিল। সেই অধ্যায় ত্যাগ কৰি মই বিবাহপাশতো আৱদ্ধ হলো। মোৰ এতিয়া মৰমীয়াল পত্নী আৰু এটি পুত্ৰ সন্তানেৰে এখন সুখৰ সংসাৰ আছে।

    এটা সময় আছিল এনেকুৱা ধৰণৰ চিনেমা খুব চলিছিল, সেয়ে মই এনেকুৱা চিনেমাত অভিনয় কৰিছিলো। ৫টা মান গান ভৰাই অলপমান একশ্যনৰ দৃশ্য দি দিলেই আগতে চিনেমা চলি গৈছিল। কিন্তু এতিয়া সময় বদলিল। দৰ্শকৰ ৰুচিলৈও যথেষ্ট পৰিৱৰ্তন আহিল।বিভিন্ন নতুন নতুন বিষয়বস্তুক আজিকালি চিনেমাৰ মূল উপাদান হিচাপে লোৱা হয়। নানা সম্প্ৰৰীক্ষা চলে। গতিকে ময়ো সময়ৰ লগত আগুৱাই যাবলৈ চেষ্টা কৰিছো। ইমৰাণ হাছমীৰ এই অনুৰোধ জনসাধাৰণে গ্ৰহণ কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING