সৰ্বানন্দ সোণোৱালৰ সুমতিৰ লগতে ‘কা’ ৰ বিৰুদ্ধে কাকপথাৰত ভকত-বৈষ্ণৱৰ আধ্যাত্মিক প্ৰতিবাদ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
অসমীয়া ৰাইজক দিয়া দুখ সৰ্বানন্দ সোণোৱালেও ভূগিব লাগিব বুলি ক্ষোভ উজাৰে কেইবাগৰাকীও নব্বৈ উৰ্দ্ধৰ বৃদ্ধাই
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

‘কা’ ৰ বিৰুদ্ধে ৰাজপথ, খেলপথাৰ, গাঁৱে ভূঁঞে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আধ্যাত্মিকতাৰ নীতিৰে কাকপথাৰৰ সৰুমেছাই গাঁৱত ধৰ্মীয় ৰীতি নীতিৰে প্ৰাৰ্থনা সবাহ আৰু নাম কীৰ্তন অনুষ্ঠিত কৰে ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে সহস্ৰাধিক ভক্ত, বৈষ্ণৱে গায়ন বায়নেৰে সবাহ অনুষ্ঠিত কৰি এক সমদল বাহিৰ কৰি ‘কা ‘গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে৷

লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ অসম ৰাজ্যিক সভাপতি হৈয়ে উক্ত অঞ্চলৰ পৰাই সমগ্ৰ অসমজুৰি হোৱা পথযাত্ৰাৰ আৰম্ভণি কৰিছিল৷ তাৰ পিছতেই সৰ্বানন্দ সোণোৱালে সাংসদ, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বৰ্তমান মুখ্যমন্ত্ৰীৰ আসন দখল কৰিছে৷

গতিকে ৰাজ্যজুৰি হোৱা পথযাত্ৰা আৰম্ভণি হোৱা অঞ্চলটোৰ পৰাই মূখ্যমন্ত্ৰীক সেই কথা মনত পেলাই ৰাইজৰ পক্ষত থাকি ‘কা’ বিৰোধ কৰিবলৈ আহ্বান জনায় ভকত-বৈষ্ণৱসকলে৷ মহাপুৰুষ অনিৰুদ্ধ দেৱৰ মায়ামৰা সৰুমেছাই নামঘৰৰ পৰা আৰম্ভ হোৱা আধ্যাত্মিক সমদল কেইবা কিলোমিটাৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদী সভাৰ যোগেদি সামৰণি মাৰে৷

সমদলত কেইবাগৰাকীও নব্বৈ উৰ্দ্ধৰ বৃদ্ধায়েও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালক শাওপাত দি, ‘কা’ৰ প্ৰতিবাদত শ্বহীদ হোৱা কণ কণ ছাত্ৰক হত্যা কৰা কাৰ্যৰ লগতে অসমীয়া ৰাইজক দিয়া দুখ সৰ্বানন্দ সোণোৱালেও ভূগিব লাগিব বুলি ক্ষোভ ব্যক্ত কৰে৷ উল্লেখ্যে যে সমগ্ৰ অসমৰ লগতে কাকপথাৰ চহৰত ‘কা’ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ লগতে বিভিন্ন ঠাইত পথসভা , সজাগতা সভা অব্যাহত ৰখা হৈছে৷

Photo Credit: @abdulrajjak

Related Post