29 C
Guwahati
Saturday, September 11, 2021
More

    মহিলাক যৌন নিৰ্যাতনৰ অভিযোগত গছত বান্ধি ভণ্ড বেজক উত্তম-মধ্যম

    ভণ্ড বেজ মহম্মদ খানে ঘৰটোৰ এগৰাকী মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰো অভিযোগ

    ডিব্ৰুগড়ৰ দুলীয়াজানত বেজালিৰ নামত মহিলাক যৌন নিৰ্যাতন ভণ্ড বেজৰ। স্থানীয় ৰাইজে গছত বান্ধি শোধালে উত্তম মাধ্যম। ঘটনাটোৰ পিছতে দুলীয়াজানৰ কামিনী চাহ বাগিছাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

    দুলীয়াজানৰ কামিনী চাহ-বাগিচাৰ কৃষ্ণ প্ৰধান আৰু সীতামায়া প্ৰধানৰ বাসগৃহত বিগত এসপ্তাহ ধৰি বেজালি চলাইছিল এইজন ভণ্ড বাবা মহম্মদ খানে। পৰিয়ালটোৰ সকলো অমংগল দূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে পৰিয়ালটোৰ পৰা সৰকাইছিল হাজাৰ হাজাৰ টকা। ইমানতো ক্ষান্ত নাথাকি ভণ্ড বেজ মহম্মদ খানে ঘৰটোৰ এগৰাকী মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰো অভিযোগ।

    মহিলাগৰাকীয়ে এই কথা স্বামীক অৱগত কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। সেই স্থানত স্থানীয় ৰাইজ উপস্থিত হৈ ভণ্ড বেজ মহম্মদ খানক গছত বান্ধি উত্তম মাধ্যম শোধায়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ভণ্ড বেজ মহম্মদ খানক আটক কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING