অসমত নকল সোণ বিক্ৰীৰে প্ৰৱঞ্চনা তামিলনাডুৰ যুৱকক। জালনোট আৰু নকল সোণৰ ঘাটি হৈ পৰা লখিমপুৰৰ বঙালমৰাত নিতৌ অব্যাহত আছে ঠগ-প্ৰৱঞ্চনা। একাংশ প্ৰৱঞ্চক ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ সহজ-সৰল লোকক আচল সোণ বুলি কৈ নকল সোণৰ লগতে জালনোট আৰু টকা দুগুন কৰি দিয়াৰ নামত ঠগ-প্ৰৱঞ্চনা কৰি আহিছে।
বঙালমৰাৰ এই প্ৰৱঞ্চকৰ কবলত পৰি সৰ্বশ্ৰান্ত হ’ল তামিলনাডুৰ এজন যুৱক৷ চলাহী কথাত ভোল গৈ ৬লাখ ৫০ হেজাৰ টকাত প্ৰকৃত সোণ বুলি নকল সোণ ক্ৰয় কৰি বিপাঙত তামিলনাডুৰ জেকবপুৰমৰ মিল্টন জেবা সিং৷ প্ৰৱঞ্চনাৰ বলি হৈ লোকজনে আৰক্ষীৰ কাষ চপাত বিহপুৰীয়া-বঙালমৰা আৰক্ষীয়ে আটক কৰিছে আলি হুছেইন নামৰ এজন প্ৰবঞ্চকক৷ উল্লেখ্য যে, চাৰিজন পুৰুষ আৰু তিনিগৰাকী মহিলাই মিলি প্ৰায় এক কিল’গ্ৰাম নকল সোণৰ নাঁও বিক্ৰী কৰিছিল যুৱকজনক৷ ধৃত আলি হুছেইনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
Photo- @hassinuralom