লখিমপুৰ জিলা এতিয়া জালনোটৰ ঘাটিত পৰিণত। এটা নহয় দুটাকৈ জালনোট প্ৰস্তুত কৰা মেচিনৰ লগতে উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে ৫০০ টকীয়া নোট। জালনোট চক্ৰৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ বৃহৎ সফলতা। লখিমপুৰৰ দ’লহাটৰ ফুকনদলনীত আৰু বঙালমৰাৰ ১নং আহমেদপুৰত আৰক্ষীৰ অভিযান। এই অভিযানত জালনোট সহ আটক ধৃত আইনুল হক আৰু ৰছিদুল ইছলাম। লখিমপুৰৰ আৰক্ষী অধীক্ষক IPS শ্ৰী ৰাজৱীৰৰ তৎপৰতাত সম্পন্ন হয় এই অভিযান।

আনহাতে আটকাধীন দুই ধৃতৰ ভাৰতীয় ৰিজাৰ্ভ বেংকক চেলেঞ্জ। জালনোট আচল নে নকল ধৰিবই নোৱাৰিব। লখিমপুৰৰ গঢ় লৈ উঠা এই জালনোট কাৰখানাৰ নোটৰ বাবে এতিয়া হেতাওপৰা ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ অসংখ্য লোকৰ।
Photo Credit: @hassinuralom