30 C
Guwahati
Wednesday, June 23, 2021
More

    বৰপেটাত বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ, ধৃত দুই

    এখন বাইকৰ চীটৰ তলত অতি কৌশলেৰে লুকুৱাই আনিছিল জালনোটখিনি।

    বৰপেটাৰ গৰেমাৰী বজাৰৰ পৰা উদ্ধাৰ ১ লাখ ৯৭ হাজাৰ ৫০০ টকাৰ জালনোট৷ বৰপেটাৰ সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক অমৃত কলিতাৰ নেতৃত্বত গৰেমাৰী বজাৰত চলিছিল অভিযান।

    জালনোটসহ ব্যৱসায়ী চক্ৰৰ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ব্যৱসায়ী ৰকিবুল হুছেইন আৰু জোনাব আলী৷

    ধৃত ৰকিবুল হুছেইনৰ ঘৰ বৰপেটাৰ বাঘবৰৰ দীঘিৰপাম গাঁৱত৷ আনহাতে বাঘবৰৰে ১নং বৰদলনিত ঘৰ জোনাব আলী নামৰ আনটো অভিযুক্তৰ৷ এখন বাইকৰ চীটৰ তলত অতি কৌশলেৰে লুকুৱাই আনিছিল জালনোটখিনি। ধৃতদ্বয়ৰ পৰা এখন মটৰ চাইকেল এটা লেপটপ উদ্ধাৰ কৰে আৰক্ষীয়ে। গৰেমাৰী বজাৰত জালনোটখিনি সলনি কৰাৰ কথা আছিল৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING