কোন অসমীয়া হয় কোন নহয় নিৰ্ধাৰণ কৰিবলৈ সাহস কৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ মগজুৰ বিকৃতি ঘটিছে। তেখেতক অনতিপলমে তেজপুৰ পগলা ফাটেকলৈ লৈ নি মানসিক ৰোগৰ চিকিৎসা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই।
ৰাজ্যৰ শাসনাধিষ্ঠিত দলৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ উপস্থিতিত উচতনিমূলক মন্তব্য কৰা বিতৰ্কিত বিধায়ক মৃণাল শইকীয়াক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাৰ। উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে শনিবাৰে জাগীৰোডত হোৱা দলীয় জনসভাত কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবী তোলা সকল অসমীয়া নহয় বুলি বিতৰ্কিত মন্তব্য দিছিল।
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধিতাৰে ৰাজ্যজুৰি স্বতঃৰ্স্ফূতভাৱে চলি থকা গণ আন্দোলনে নিদ্রা হৰণ কৰিছে শাসনাধিষ্ঠিত বিজেপি দলৰ নেতা পালিনেতাৰ, সেইবাবেই বিজেপি দলৰ নেতা, মন্ত্ৰী, সাংসদ আৰু বিধায়কসকলৰ মতিভ্ৰম হৈছে বুলিও মন্তব্য কৰে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে।
Photo Credit:@sanjaypareek