34 C
Guwahati
Sunday, August 9, 2020
  • Home
  • Videos
  • TIMECAST
More

    বাঘজানৰ অগ্নিকুণ্ডত প্ৰাণ হেৰুৱালে এজন সুদক্ষ খেলুৱৈয়ে

    ২১ বছৰ অনুৰ্দ্ধৰ অসমৰ দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছিল দুৰ্লভে। মৃত্যু কাৰোৰে কাম্য নহয়, কিন্তু অকালতে প্ৰাণ হেৰুৱালে এইজন সুদক্ষ খেলুৱৈয়ে

    লেখকঃ শিৱ প্ৰসাদ শৰ্মা

    বাঘজানৰ অগ্নিকুণ্ডত বিলীন হৈ গ’ল এজন সুদক্ষ খেলুৱৈ। অহৰহ বাঘজানৰ নিৰ্গত অগ্নি নিৰ্বাপনত ব্যস্ত হৈ থকা দুৰ্লভ গগৈৰ মৃত্যু হয় বাঘজানৰ ঘটনাত।

    এজন সুদক্ষ ফুটবলাৰ আছিল দুৰ্লভ গগৈ। বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতাত অংশ লৈ দুৰ্লভ গগৈয়ে আজুৰি আনিছিল সফলতাৰ মুকুট।

    কিন্তু জ্বালামুখীৰ ৰূপ লোৱা বাঘজানৰ ঘটনাত কৰ্তব্য পালনৰ সময়তে প্ৰাণ দিবলগীয়া হয় দুৰ্লভ গগৈয়ে।

    ২১ বছৰ অনুৰ্দ্ধৰ অসমৰ দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছিল দুৰ্লভে।

    মৃত্যু কাৰোৰে কাম্য নহয়, কিন্তু অকালতে প্ৰাণ হেৰুৱালে এইজন সুদক্ষ খেলুৱৈয়ে।

    মৃত্যুৰ সময়ত পত্নী আৰু সন্তানক এৰি থৈ যায় দুৰ্লভ গগৈয়ে। ত্ৰিবান্দৰামত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় খেলতো ভাগ লৈছিল দুৰ্লভ গগৈয়ে।

    কম বয়সীয়া এইজন অইলৰ কৰ্মচাৰী তথা সুদক্ষ খেলুৱৈ দুৰ্লভ গগৈৰ মৃত্যু হোৱাত ক্ৰীড়া ক্ষেত্ৰত পৰিছে শোকৰ ছাঁ।

    ভয়ংকৰ অগ্নিকুণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হ’ল দুৰ্লভ গগৈৰ। ফুটবলাৰ দুৰ্গা বড়োৰ সৈতেও একেলগে প্ৰতিযোগিতাত অংশ লৈছিল দুৰ্লভ গগৈয়ে।

    বাঘজানৰ জুই নিৰ্বাপনত ব্যস্ত হৈ পৰা দুৰ্লভ গগৈয়ে দিবলগীয়া হ’ল প্ৰাণ।

    উদ্ধাৰকাৰী বাহিনীয়ে এটা জলাশয়ৰ পৰা উদ্ধাৰ কৰে দুৰ্লভ গগৈৰ মৃতদেহ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    How did Sonowal violate COVID 19 protocol? Asks Debabrata Saikia

    Large numbers of people were seen attending the program and the CM himself was allegedly seen not maintaining 'social distancing’

    Indefinite Curfew clamped in parts of Silchar after violence

    The order specified that the curfew would be imposed in the areas under the Malugram police outpost of Silchar, prohibiting the movement of individuals

    Lord Ram to unite the world: PM Modi

    Chanting ‘Jai Siyaram’ in between his speech, Modi said, “People from across the world will visit the grand Ram Mandir to witness Lord Shri Ram and mother Janaki. As such, it will connect India with the rest of the world.”