Home Khabar ৰাষ্ট্ৰীয় অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতিৰ বাবে দেশৰ ভিন্ন ঠাইত পৰ্যটন বিভাগৰ ৰোড শ্ব’

অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতিৰ বাবে দেশৰ ভিন্ন ঠাইত পৰ্যটন বিভাগৰ ৰোড শ্ব’

এই অনুষ্ঠানৰ অন্তিমটো ৰোড শ্ব' অনুষ্ঠিত হ'ব কাইলৈ অৰ্থাৎ ২০২০ৰ ৯ ফেব্ৰুৱাৰীত গোৱাৰ পাণাজীত

0
52

পৰ্যটন বিভাগ, পৰ্যটন মন্ত্ৰালয়ৰ সহযোগত অসম চৰকাৰ আৰু কেন্দ্ৰীয় ভাৰত চৰকাৰে বেংগালুৰুৰ আলোফ দ’ মেৰিয়টত অনুস্থিত কৰে এক ৰোড শ্ব’। এই ৰোড শ্ব’ৰ মূল উদ্দেশ্য আছিল পৰ্যটন বিভাগৰ সঠিক ব্যৱসায়, অসম পৰ্যটন বিভাগ আৰু ইয়াৰ লগত কৰ্নাটক তথা দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ অপাৰেটৰ, হোটেল ব্যৱসায় আৰু অংশীদাৰী সকলৰ মাজত।

এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি দুটাকৈ ৰোড শ্ব’ অনুষ্ঠিত হৈছিল। এটা চেন্নাই আৰু আনটো অনুষ্ঠিত হৈছিল হায়দৰাবাদত। এই অনুষ্ঠানত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ATDC ltdৰ বহুমুখী অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ATDC ltdৰ অধ্যক্ষ নৱদীপ কলিতা, সম্পাদক ৰাজীৱ হুছেইন, যুটিয়া সম্পাদক কাৱেৰী বি শৰ্মা। ইয়াৰ বাহিৰেও এই অনুষ্ঠানত উপস্থিত থাকে পৰ্যটন বিভাগৰ নিৰ্দেশক দেৱ কুমাৰ মিশ্ৰা, পৰ্যটন বিভাগৰ ডিপুটি ডাইৰেক্টৰ মৈত্ৰেয়ী দাস আৰু বিদ্যাৰ্নভ বৰা আদিৰ লগতে অন্যান্য বহুতো।

পৰ্যটন বিভাগৰ নিৰ্দেশক শ্ৰী দেৱ কুমাৰ মিশ্ৰাই এই অনুষ্ঠানত অসমৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সৌন্দৰ্যৰ বিষয়ে পাৱাৰ পইন্ট প্ৰেজণ্টেছ্যনৰ জৰিয়তে উপস্থিত সকলোৰে আগত দেখুৱাৰ সুবিধা কৰে। উল্লেখ্য যে এই অনুষ্ঠানটোৰ অন্তিমটো তথা সকলোতকৈ প্ৰধান ৰোড শ্ব’ অনুষ্ঠিত হ’ব কাইলৈ অৰ্থাৎ ২০২০ৰ ৯ ফেব্ৰুৱাৰীত গোৱাৰ পাণাজীত। যাৰ বাবে ইয়াৰ লগত জড়িত সকলো কৰ্মকৰ্তা ইতিমধ্যেই উপস্থিত হৈছে পাণাজীৰ হোটেল ফিডালগ’ত।

Photo: Time8