দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ডিগবৈত সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা, দুখন বাইকৰ প্ৰচণ্ড সংঘৰ্ষৰ ফলত ৪জনকৈ লোকৰ মৃত্যু, আহত কেইবাজন লোক। ইয়াৰ ভিতৰত গুৰুতৰভাৱে আহত দুজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
ডিগবৈৰ মামৰণি বালিজানত কৰম সন্মিলন চাই উভতি আহি আছিল ঘৰলৈ। সেই সময়তে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। ডিগবৈৰ টিংৰাই ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথতে পুৱতিনিশা দুখন বাইকৰ প্ৰচণ্ড সংঘৰ্ষৰ ফলত মৃত্যুক সাবটিলে চাৰিজনকৈ লোকে। নিহত আটাইকেইজনৰ ঘৰ বগাপানীত বুলি জনাইছে আৰক্ষীয়ে।