Home Khabar ৰাষ্ট্ৰীয় কাইলৈৰ পৰা দেশত চলিব ৰে’ল, আজি বিয়লি ৪ বজাৰ পৰা কৰক টিকট...

কাইলৈৰ পৰা দেশত চলিব ৰে’ল, আজি বিয়লি ৪ বজাৰ পৰা কৰক টিকট বুকিং

দিল্লীৰ পৰা ডিব্ৰুগড়লৈ চলিব এই বিশেষ ৰে'ল

0
56

আপুনি বহিঃৰাজ্যত আৱদ্ধ হৈ আছে নেকি? এতিয়া আৰু বিশেষ চিন্তা নাই। কিয়নো কাইলৈৰ পৰা দেশত চলিব ৰে’ল সেৱা। শ্ৰমিক বিশেষ ৰে’লৰ বাহিৰেও দেশথ আৰম্ভ হ’ব ৰে’ল সেৱা। এই সেৱা লাভ কৰিবৰ বাবে আপুনি আজি বিয়লিৰ পৰা কৰিব পাৰিব ৰে’লৰ টিকট বুকিং।

আজি বিয়লি ৪ বজাৰ পৰা ৰে’লৰ টিকট বুকিং হ’ব আৰম্ভ। কেৱল অনলাইনতহে বুকিং কৰিব পাৰিব টিকট। দিল্লীৰ পৰা ১৫টা স্থানলৈ চলিব এই বিশেষ ৰে’ল। অসমলৈয়ো থাকিব এই ৰে’লৰ সুবিধা। দিল্লীৰ পৰা ডিব্ৰুগড়লৈ চলিব এই বিশেষ ৰে’ল। ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে ঘোষণা কৰিলে এই কথা।

আৰম্ভণিতে এই ১৫খন ৰে’ল নতুন দিল্লী ষ্টেচনৰ পৰা চলিব। নতুন দিল্লীৰ পৰা ডিব্ৰুগড়ৰ লগতে আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঁচী, ভুবনেশ্বৰ, ছিকন্দ্ৰাবাদ, বেংগালুৰু, চেন্নাই, তিৰুৱনন্তপুৰম, মডগাঁও, মুম্বাই চেন্ট্রেল, আহমেদাবাৰ আৰু জম্মুতৱীলৈ চলিব।

উল্লেখ্য যে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবেই প্ৰায় ৫০ দিন পূৰ্বে দেশজুৰি ৰে’লসেৱা বাতিল কৰা হৈছিল। কিন্তু বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোক সকলৰ আলৈ-আথানি দেখি পুনৰ চৰকাৰে আকৌ এবাৰ যাত্ৰীবাহী ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত লৈছে। ইতিপূৰ্বে কেৱল মালগাড়ী আৰু শ্ৰমিক বিশেষ ৰে’লহে চলোৱা হৈছিল।

Photo Credit: The Economic Times