28 C
Guwahati
Monday, June 14, 2021
More

    জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ, বৰগামত CRPFৰ ২জন জোৱান আহত

    ইয়াৰ পূৰ্বে সোমবাৰেও উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত CRPFৰ ৩জন জোৱান শ্বহীদ হৈছিল। আক্ৰমণত ৪জন জোৱান আহত হৈছিল

    জম্মু-কাশ্মীৰৰ বৰগামত সুৰক্ষা কৰ্মীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। গ্ৰেণেডেৰে আক্ৰমণ কৰে নিৰাপত্তাৰক্ষীৰ দলক। এই আক্ৰমণত CRPFৰ ১৮১বি বেটালিয়নৰ ২জন জোৱান আৰু ২জন স্থানীয় লোক আহত হয়। আহত আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু বৰ্তমানেও জোৱান আহত হোৱাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ কৰা নাই। ইফালে এলেকাটো ঘেৰাও কৰি তালাচী অভিযান অব্যাহত ৰাখে।

    ইয়াৰ পূৰ্বে সোমবাৰেও উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত CRPFৰ ৩জন জোৱান শ্বহীদ হৈছিল। আক্ৰমণত ৪জন জোৱান আহত হৈছিল। গাড়ীৰে আহি সন্ত্ৰাসবাদীয়ে CRPFৰ দলক লক্ষ্য কৰি অতৰ্কিতে গুলীচালনা কৰে। CRPFয়ে প্ৰত্যুত্তৰত কৰা গুলীচালনাৰ ফলত সন্ত্ৰাসবাদী সেই স্থানৰ পৰা পলায়ন কৰে। TRFয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।

    ঘটনাৰ পিছত CRPF, সেনা আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়া সেই স্থানত উপস্থিত হয়। সূত্ৰ অনুসৰি এই এলেকাটোৰ পৰাই ক্ৰালগুণ্ডৰ ভাতৃয়ে সকলো কাৰ্যকলাপ চলাই যায়। কিছু বছৰ সক্ৰিয় হৈ থকাৰ পিছত আত্মসমৰ্পণ কৰিছিল। বিগত ডেৰ বছৰত পুনৰ সক্ৰিয় হৈ উঠিছে।

    দুটা পক্ষৰ মাজত হোৱা গুলীচালনাত এটি কিশোৰো নিহত হোৱা বুলি জানিবলৈ পোৱা গৈছে। CRPFৰ প্ৰবক্তা পংকজ সিঙে ক’লে যে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ হৈছে কিন্তু অস্ত্ৰ উদ্ধাৰ হোৱা নাই। মৃতদেহটো সন্ত্ৰাসবাদীৰ নে অন্য কাৰোবাৰ সেই সন্দৰ্ভত তদন্ত অব্যাহত।

    Photo credit: amarujala.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING