পুৰণি বিদায় দি নতুন বছৰত ভৰি দিবলৈ মাজত আছে মাত্ৰ কেইটামান ঘণ্টা। নতুন বছৰত সাধাৰণ জনতাৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহৰ ভিতৰত কেইবাবিধো সামগ্ৰীৰ দাম বৃদ্ধি হ’ব। বাইকৰ পৰা বীমালৈ বৃদ্ধি হ’ব দৰ। আহক জানো বৃদ্ধি হোৱা সামগ্ৰীসমূহৰ বিষয়ে…
নতুন বছৰত মাৰুতিসহ প্ৰায়ভাগ অটো কোম্পানীয়ে চাৰিচকীয়া বাহন আৰু বাইকৰ মূল্য বৃদ্ধি কৰিছে। ইয়াৰ অৰ্থ হ’ল এইটো যে যদি আপুনি নতুন বছৰত গাড়ী বা বাইক ক্ৰয় কৰিম বুলি পৰিকল্পনা কৰিছে তেন্তে পূৰ্বতকৈ বৰ্তমান অধিক মূল্য ভৰিব লাগিব আপুনি।
নতুন বছৰত ৫ ষ্টাৰ ফ্ৰিজ আৰু ACৰ মূল্য পাব বৃদ্ধি। দৰাচলতে, ২০২০ত নতুন Energy leveling norms বলবৎ হ’ব। সেই অনুসৰি ইলেক্ট্ৰনিক নিৰ্মাণকাৰীসকলে ফাইভ ষ্টাৰ ফ্ৰিজ বা ACৰ কুলিঙৰ বাবে Traditional foamৰ পৰিৱৰ্তে Vacuum panelৰ ব্যৱহাৰ কৰিব লাগিব। এই নতুন নৰ্মছৰ পিছত ৫ ষ্টাৰ ফ্ৰিজ আৰু AC প্ৰায় ৬০০০ টকালৈ ব্যয়বহুল হোৱাৰ সম্ভাৱনা।
বীমা কোম্পানীসমূহক ৰেগুলেট কৰা সংস্থা ইৰদাৰ আদেশনুসৰি নতুন বছৰত জীৱন বীমা পলিচীৰ নিয়ম সলনি হ’ব। এই পৰিৱৰ্তন কেৱল লিংক, নন লিংক জীৱন পলিচীত হ’ব। নতুন নিয়ম বলবৎ হোৱাৰ পিছত প্ৰীমিয়াম ব্যয়বহুল আৰু Guaranteed return অলপ হ্ৰাস পোৱাৰ আশংকা।
নতুন বছৰত ৰে’লত যাত্ৰা কৰাও হ’ব পাৰে ব্যয়বহুল। ৰে’লৱে বৰ্ডৰ অধ্যক্ষ বি কে যাদৱে এই কথা জনাইছে যে ৰে’লৱে বৰ্ড যাত্ৰী আৰু মাল পৰিবহন ভাৰা বৰ্তমানতকৈ উচিত মূল্যৰ হ’ব। বি কে যাদৱৰ অনুসৰি য’ত ভাৰা কম, তাত বৃদ্ধি কৰা হ’ব আৰু য’ত ভাৰা বেছি তাত হ্ৰাস কৰা হ’ব। তেওঁ ক’লে যে বিগত বহুদিন ধৰি যাত্ৰীৰ ভাৰা বৃদ্ধি হোৱা নাই আৰু সেই হিচাপত ৰে’লৱেৰ খৰচ বৃদ্ধি হৈ গৈ আছে।
নতুন বছৰত সাধাৰণ জনতাৰ পেট্ৰল আৰু ডিজেলত প্ৰীমিয়াম দিব লাগিব। দৰাচলতে তেল বিপনন কোম্পানীয়ে পেট্ৰলিয়ম মন্ত্ৰালয়ৰ পৰা বাহন ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ প্ৰীমিয়াম যোজনাৰ সমৰ্থন কৰাৰ আৱেদন জনাইছে।
নতুন বছৰত পাৰলে আৰু আইটিচিৰ দৰে FMCG কোম্পানীয়ে নিজৰ প্ৰডাক্টসমূহৰ দৰ বৃদ্ধি বা পেকেটৰ আকাৰো সলনি কৰাৰ সম্ভাৱনা। কেইটামান মাহ পূৰ্বে এই সম্বন্ধত FMCG কোম্পানীয়ে সংকেতো দিছিল। ইয়াৰ অৰ্থ হ’ল নতুন বছৰত Snack, নিমখীয়া, ফ্ৰজেন ফুড, কেক, চাবুন, ৰেডী টু ইট মিলছ, বিস্কুটসহ অন্য সামগ্ৰীৰো দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা।
Photo credit: aajtak.intoday.in