24 C
Guwahati
Tuesday, May 18, 2021
More

    ১০১ দিনৰ পিছত দিল্লী আৰক্ষীয়ে খালী কৰোৱালে শ্বাহীনবাগ

    দিল্লী আৰক্ষীয়ে কৰ'ণা ভাইৰাছ আৰু ১৪৪ ধাৰাৰ পত্ৰ দি এঘণ্টাত এই অভিযান চলায়। ইয়াৰ মাজতে আৰক্ষীয়ে ৬ গৰাকী মহিলা আৰু ৩জন লোকক আটক কৰে

    CAA আৰু NRCৰ বিৰুদ্ধে দিল্লীৰ শ্বাহীনবাগত বিগত ১০১ দিন ধৰি অব্যাহত থকা প্ৰতিবাদস্থলী আজি আঁতৰাই দিয়ে। মঙলবাৰে শ্বাহীনবাগত বিশাল আৰক্ষী বাহিনীয়ে উঠাই দিয়ে প্ৰতিবাদকাৰীৰ টেণ্ট। ইয়াৰ লগতে নয়দা-কালিন্দী কুঞ্জ পথো খালী কৰাই আৰক্ষীয়ে।

    দিল্লী আৰক্ষীয়ে কৰ’ণা ভাইৰাছ আৰু ১৪৪ ধাৰাৰ পত্ৰ দি এঘণ্টাত এই অভিযান চলায়। ইয়াৰ মাজতে আৰক্ষীয়ে ৬ গৰাকী মহিলা আৰু ৩জন লোকক আটক কৰে। বৰ্তমানো উচ্ছেস্থলীত আৰক্ষীৰ বৃহৎ বাহিনী মোতায়ন কৰা হৈছে। আৰক্ষীয়ে কোৱা অনুসৰি আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদস্থলী খালী কৰাটো বিচাৰো।

    কিন্তু প্ৰতিবাদকাৰীসকলৰ অভিযোগ তেওঁলোকে খোদ সেই স্থানৰ পৰা আঁতৰি গৈছিল, কিন্তু আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা ভাৰত মাতাৰ মানচিত্ৰ আৰু ইণ্ডিয়া গেটৰ মেপ কিয় আঁতৰালে। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বিৰুদ্ধে ধৰ্ণাও দিয়ে। বৰ্তমান পৰিস্থিতি যথেষ্ট শান্ত হৈ পৰিছে।

    দিল্লী আৰক্ষীয়ে ক’লে যে কৰ’ণা ভাইৰাছৰ কাৰণে বহুকেইখন চহৰ লকডাউন। দিল্লীকো লকডাউন কৰা হৈছে। আমি শ্বাহীন বাগৰ লোকসকলক আৱেদন জনাইছিলো যে তেওঁলোকে তাৰ পৰা আঁতৰি যাওক। কৰ’ণা ভাইৰাছৰ বিপদ ইয়াতো আছে। আমি তেওঁলোকক শান্তিপূৰ্ণভাৱে আঁতৰি যোৱাৰ কথা কৈছিলো, যাতে তেওঁলোকৰ প্ৰাণ সংকটত নপৰে। কোনেও যাতে কোনো বিপদৰ সন্মুখীন হ’ব নালাগে, কাৰণ এই ৰোগ বহুত সংক্ৰমনাত্মক।

    Photo credit: Kulwant

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING