মাজ আকাশতে সংঘটিত হৈছে এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। হঠাৎ জ্বলি উঠিল হেলিকপ্টাৰ। যাৰ বাবে নিমিষতে জ্বলি চাই হয় পাইলটসহ প্ৰসিদ্ধ বাস্কেট বল খেলুৱৈ ক’বে ব্ৰিয়াণ্ট। তাৰকা খেলুৱৈগৰাকীৰ লগতে তেওঁৰ জীয়ৰীসহ ৯জনৰ কৰুণ মৃত্যু।

কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত আছিল দুই পাইলটসহ মুঠ ৯ যাত্ৰী। বাস্কেট বলৰ বাবে ক’বে ব্ৰিয়াণ্টৰ মৃত্যুই আনিলে এক শূণ্যতা। আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাঅয়ো টুইটাৰ একাউন্টযোগে শোক প্ৰকাশ কৰিছে এইগৰাকী মহান খেলুৱৈৰ বাবে।
প্ৰাপ্ত খবৰ মতে, স্থানীয় সময় অনুসৰি পুৱা ১০ বজাত সংঘটিত হৈছে এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাটি। ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনাটি সংঘটিত হয় বুলি জানিব পৰা গৈছে।
Photo: abcnews.go.com