22.1 C
Guwahati
Wednesday, May 27, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম এই মাহত কৰ্তন কৰা নহয় অসমৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহাঃ হিমন্ত বিশ্ব শৰ্মা

    এই মাহত কৰ্তন কৰা নহয় অসমৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহাঃ হিমন্ত বিশ্ব শৰ্মা

    ৫০ লাখ টকাৰ বীমা ঘোষণা ১০৮ আৰু ১০৪ সেৱাৰ কৰ্মচাৰীৰ। ৩ মাহলৈ আশাকৰ্মীলৈ আৰু ১০৮ সেৱাৰ কৰ্মচাৰীকো অতিৰিক্তভাৱে এহেজাৰ টকাকৈ দিব

    শুকুৰবাৰৰ নিশাৰ পৰা শনিবাৰৰ পুৱালৈ কভিড-১৯ৰ সংখ্যা আৰ ৫জনলৈ বৃদ্ধি পাইছে। এই ৫জন ৰোগীৰ ভিতৰত ৪জনে নিজামুদ্দিনৰ ঘটনাৰ সৈতে জড়িত কিন্তু এগৰাকী ৰোগী এই ঘটনাৰ সৈতে জড়িত নহয়। এই লোকজন কেনেদৰে সংক্ৰমিত হ’ল সেয়া স্বাস্থ্য বিভাগে অতি শীঘ্ৰে জানিবলৈ দিব। সংবাদমেলযোগে এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে মনীষ তিব্ৰেৱাল নামৰ লোকজনক GMCHত ৰাখিবলগীয়া হৈছে। লোকজন জু ৰোডস্থিত স্পেনিছ গাৰ্ডেনৰ বাসিন্দা। লোকজনৰ দেহত কৰ’ণা পজিটিভ পোৱাৰ লগে লগে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ অনা হয়। কিন্তু বৰ্তমান লোকজন সুস্থ হৈ উঠিছে বুলি চিকিত্সালয় কৰ্তৃপক্ষই জনায়।

    কামৰূপৰ বকোৰ মফিজুদ্দিনো কৰ’ণাত আক্ৰান্ত হৈছে। নিজামুদ্দিনৰ মাৰ্কাজলৈ গৈছিল বকোৰ মফিজুদ্দিন। লোকজনক নিশাই হাস্পতাললৈ প্ৰেৰণ কৰা হয়। মৰিগাঁৱৰ জমিয়া খাতুন কৰ’ণাত আক্ৰান্ত। জমিয়া খাতুনৰ স্বামীও কৰ’ণাত আক্ৰান্ত হৈছে। দক্ষিণ শালমৰাৰ আশ্ৰফ আলীও কৰ’ণাত আক্ৰান্ত। আশ্ৰফ আলীও গৈছিল নিজামুদ্দিনলৈ। সংবাদমেলত এই কথা জনালে মন্ত্ৰী শৰ্মাই।

    ইফালে লখিমপুৰৰ বাবুল আলীৰ দেহত কৰ’ণা পজিটিভ। নিজ ইচ্ছাৰে স্বাস্থ্য বিভাগৰ ওচৰলৈ অহা নাছিল বাবুল। ওচৰ-চুবুৰীয়াৰ সহযোগত বাবুল আলীক কোৱাৰাণ্টাইন কৰা হৈছে। তেওঁৰ পৰীক্ষা কৰোৱাৰ পিছতে দেহত কৰ’ণা পজিটিভ পোৱা যায়।

    বৰ্তমান লখিমপুৰৰ আইছলেচনত আছুতীয়াকৈ ৰখা হৈছে বাবুল আলীক।’- সংবাদমেলত এই কথা জনালে মন্ত্ৰী শৰ্মাই। এইপৰ্যন্ত অসমত কৰ’ণাত আক্ৰান্তৰ সংখ্যা হৈছে ২৫জন। তিব্ৰৱালৰ সংস্পৰ্শলৈ আহিছিল ১১৫জন লোক। আটাইকেইজন লোকৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

    ‘কৰ্তন কৰা নহয় অসমৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহা। এই মাহত কৰ্মচাৰীৰ দৰমহা কৰ্তন নকৰে চৰকাৰে। মাৰ্চৰ দৰমহা ৯ বা ১০ এপ্ৰিলত পাব চৰকাৰী কৰ্মচাৰীয়ে।’- সংবাদমেলযোগে এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কৰ্মচাৰীৰ এদিনৰ দৰমহাহে বৰঙণি হিচাপে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্মচাৰী পৰিষদৰ অনুৰোধ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ। নতুন চিকিৎসালয় নিৰ্মাণ কৰাৰ বাবে লোৱা হ’ব এই ধন। প্ৰায় ৬০ কোটি টকা আহিব ৰাজকোষলৈ। সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

    কোনোবাই বৰঙণি দিব নিবিচাৰিলে DDOক জনাব পাৰিব। নিবিচৰা জনৰ পৰা কৰ্তন নহয় এদিনৰ দৰমহা। সংবাদমেলযোগে এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১৪ দিনৰ কোৱাৰাণ্টাইনত যাব লাগিব অসমৰ চিকিৎসক আৰু নাৰ্ছসকল। ৭ দিন চিকিৎসা কৰাৰ পিছত চিকিৎসক আৰু নাৰ্ছ যাব কোৱাৰাণ্টাইনত। কোৱাৰাণ্টাইনৰ সময়ছোৱাত চিকিৎসক আৰু নাৰ্ছ থাকিব তাজ হোটেলত। তাজ হোটেল কৰ্তৃপক্ষই ইতিমধ্যে দিছে সন্মতি। কৰ’ণা সন্দৰ্ভত দিয়া সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

    ‘৫০ লাখ টকাৰ বীমা ঘোষণা ১০৮ আৰু ১০৪ সেৱাৰ কৰ্মচাৰীৰ। ৩ মাহলৈ আশাকৰ্মীলৈ আৰু ১০৮ সেৱাৰ কৰ্মচাৰীকো অতিৰিক্তভাৱে এহেজাৰ টকাকৈ দিব। ১০৮ সেৱাৰ গাড়ী চালক আৰু EMTয়েও পাব অতিৰিক্ত ১০০০ টকা। দৰমহাৰ উপৰিও ১০০০ টকা ১০৮ সেৱাৰ গাড়ী চালক আৰু EMTলৈ।’- ১০৮ আৰু ১০৪ সেৱাৰ কৰ্মচাৰীৰ এই বিশেষ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    Photo credit: youtube.com (Himanta Biswa Sarma)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING