30 C
Guwahati
Thursday, August 6, 2020
  • Home
  • Videos
  • TIMECAST
More

    সম্প্ৰীতিৰ অনন্য নিদৰ্শন; একেখন মঞ্চতে হিন্দুৱে কৰিলে ভাওনা মুছলমানে গালে জিকিৰ

    ভাওনা প্ৰতিযোগিতা সমাৰোহত মুছলমান সমাজে দিলে আদৰণি তোৰণ

    তিতাবৰত ভাওনা প্ৰতিযোগিতাত উজলি উঠিছে হিন্দু মুছলমানৰ সমন্বয়। সম্প্ৰীতিৰ অনন্য নিদৰ্শন। শংকৰ-আজানৰ দেশত তিতাবৰ মণিকাঞ্চন যুৱ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত হিন্দু মুছলমান সকলো একেলগে হৈ ব্যতিক্ৰমী পৰিৱেশত উদযাপন কৰিছে ভাওনা সমাৰোহৰ প্ৰতিযোগিতা।

    ইফালে ঝংকাৰ শইকীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা ভাওনাস্থলীত উদ্ভাসিত হৈছে এখন নিভাঁজ অসমীয়া গ্ৰাম্য সমাজৰ পটভূমি। য’ত আছে এখন নিভাঁজ গ্ৰাম্য অঞ্চলত থকা খেৰ ঘৰ, গৰু গোহালি, মিছিং চাং ঘৰ, তাঁতশাল, ঢেঁকী শাল, মাটিৰ ঘৰ, পুখুৰী, মহৰ যোগেদি কুঁহিয়া পাৰি তাত গুৰ উৎপাদিত কৰা আদি সকলো চহা জীৱনৰ এক অপূৰ্ব দৃশ্য। ইয়াৰ যোগেদি নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে উদ্যোক্তাসকলে।

    হিন্দু ভকত বৈষ্ণৱে যেনেকৈ ৰাইজক সেৱা শুশ্ৰূষা কৰিবলৈ দিনে নিশাই চেষ্টাৰ ক্ৰুটি কৰা নাই ঠিক তেনেদৰে ভাওনা থলীলৈ অহাৰ পথত মেলামাটিৰ মুছলমান লোক সকলেও আদৰণি তোৰণ নিৰ্মান কৰি আৰু ভাওনা থলীত অতিথি আপ্যায়ন আদি সকলোতে ব্যস্ত থাকি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।

    ভাওনা সমাৰোহত প্ৰতিদিনেই প্ৰদৰ্শন হৈছে অসমৰ বিভিন্ন অঞ্চলৰ দুখনকৈ বাচক বণিয়া মহাপুৰুষীয়া ভাওনা। একেখন মঞ্চতে হিন্দুৱে কৰিলে ভাওনা মুছলমানে গালে জিকিৰ। ভাওনাথলীত প্ৰতিখন আকৰ্ষণীয় ভাওনা চাবলৈ গোট খাইছে হাজাৰ হাজাৰ দৰ্শক। ইয়াৰ ফলত ভাওনা সমাৰোহখন পৰিণত হৈছে জাতি ভাষা ধৰ্ম নিৰ্বিশেষে এখন এখন সমন্বয় ক্ষেত্ৰলৈ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Breaking: ULFA (I), MNPF & RPF claim responsibility of Manipur ambush

    An Assam Rifle personnel from Assam’s Barpeta district identified as Pranay Kalita was also killed in the ambush