22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় অযোধ্যা বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

    অযোধ্যা বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

    মুছলমান পক্ষৰ অধিবক্তা জফৰয়াব জিলানীয়ে ক'লে যে আমি আদালতৰ সিদ্ধান্তক সন্মান কৰো কিন্তু ৰায়দানত কেইবাটাও বিসংগতি আছে, গতিকে আমি এই সিদ্ধান্তক লৈ সন্তুষ্ট নহয়

    অযোধ্যাত হ’ব ৰাম মন্দিৰ। অযোধ্যা বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দান। বিবাদিত ভূমিত ৰাম মন্দিৰ ন্যাসৰ অধিকাৰ। মুছলমান পক্ষই অযোধ্যাতে পাবে ৫ একৰ ভূমি।

    ৩ মাহৰ ভিতৰত ট্ৰাষ্ট গঠন কৰিব লাগিব চৰকাৰে
    উচ্চতম ন্যায়ালয়ে ৰায়দানত ক’লে যে কেন্দ্ৰ চৰকাৰে ৩ মাহত স্কীম আনক আৰু ট্ৰাষ্ট গঠন কৰক। এই ট্ৰাষ্টে ৰাম মন্দিৰ নিৰ্মাণ কৰিব।

    সিদ্ধান্তক লৈ অসন্তুষ্ট মুছলমান পক্ষ
    মুছলমান পক্ষৰ অধিবক্তা জফৰয়াব জিলানীয়ে ক’লে যে আমি আদালতৰ সিদ্ধান্তক সন্মান কৰো কিন্তু ৰায়দানত কেইবাটাও বিসংগতি আছে, গতিকে আমি এই সিদ্ধান্তক লৈ সন্তুষ্ট নহয়। তেওঁ ক’লে যে আমি সিদ্ধান্তৰ মূল্যাংকন কৰিম আৰু আগবাঢ়িম।

    উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া সংবিধান পীঠে শনিবাৰে অযোধ্যা বিবাদক লৈ ৰায়দান দিলে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৪৫ মিনিটলৈ পঢ়িলে ৰায় আৰু ক’লে যে মন্দিৰ নিৰ্মাণৰ বাবে ট্ৰাষ্ট গঠন কৰিব লাগিব আৰু ইয়াৰ পৰিকল্পনা ৩ মাহত গঠন কৰিব লাগিব। আদালতে ২.৭৭ একৰ বিবাদিত ভূমি ৰামললা বিৰাজমানক দিয়াৰ আদেশ দিলে আৰু ক’লে মুছলমান পক্ষক মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ ভূমি প্ৰদান কৰা হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...