25 C
Guwahati
Tuesday, June 22, 2021
More

    অভাৱনীয় যানজট দিল্লীত, ১৪৪ ধাৰা জাৰি কৰা হৈছে লালকিল্লাৰ সমীপত

    মেট্ৰ' ষ্টেচন বন্ধ কৰি দিয়াৰ ফলত তীব্ৰ যানজটৰ সন্মুখীন হৈছে দিল্লী

    নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ বাবে দিল্লীৰ বহু ঠাইত এতিয়া কেৱল আৰক্ষীৰ তহল। দেশৰ ৰাজধানীত প্ৰতিবাদ দমনৰ বাবে বন্ধ কৰা হৈছে মুঠ ১৮ টা মেট্ৰ’ ষ্টেচন। সদাব্যস্ত জামিয়া, শ্বাহীন বাগ, মুনিৰকা, জছোলা বিহাৰ, লালকিল্লা, জামা মছজিদ, চান্দনী চ’ক আৰু লগতে দিল্লী বিশ্ববিদ্যালয়ৰ মেট্ৰ’ ষ্টেচন সমুহ বন্ধ কৰি দিয়া হৈছে। লগতে লালকিল্লাৰ সমীপত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

    পিছে এই সমুহ মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়াৰ ফলত এতিয়া তীব্ৰ যানজটৰ সন্মুখীন হৈছে দিল্লী। ফ’ৰলেনযুক্ত পথত অতিমাত্ৰা যানবাহনৰ বাবে একেবাৰে লেহেমীয়া হৈ পৰিছে যাতায়ত। ৪খন বাহন যাব পৰা পথত একেবাৰতে গৈছে ৬/৭ খনকৈ বাহন। দিল্লী আৰক্ষীয়েও নিয়ন্ত্ৰণলৈ নিব পৰা নাই এই যানজট।

    Photo Credit: NDTV

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING