30 C
Guwahati
Wednesday, June 23, 2021
More

    ICC এদিনীয়া ৰেংকিঙত শীৰ্ষ আৰু দ্বিতীয় স্থান অক্ষুণ্ণ কোহলী-ৰোহিতৰ

    বলিং শাখাৰ শীর্ষস্থান অধিকাৰ কৰি থকা যশপ্রীত বুমৰাহৰ বাহিৰে শীর্ষ ১০ত কোনো এজন ভাৰতীয় বলাৰে স্থান লাভ কৰিবলৈ সক্ষম নহ'ল

    ICC এদিনীয়া ৰেংকিঙৰ বেটছমেন শাখাৰ শীৰ্ষ আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে টীম ইণ্ডিয়াৰ ২ উজ্জল তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই। অষ্ট্ৰেলিয়াৰ সৈতে সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোত প্ৰদৰ্শন কৰা অদমনীয় বেটিং প্ৰদৰ্শনৰ বাবে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ৰেটিং পইণ্ট বৃদ্ধি পায়।

    ২ ৰেটিং পইণ্ট বৃদ্ধি পাই ৮৮৬ পইণ্টেৰে বিৰাট কোহলীৰ শীৰ্ষ স্থান অটুট থকাৰ লগতে ৰোহিত শৰ্মাৰো ৩ ৰেটিং পইণ্ট বৃদ্ধি হৈ ৮৬৮ পইণ্টেৰে দ্বিতীয় স্থান নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়। ৭ টা স্থান আগুৱাই শিখৰ ধাৱনে ১৫ নম্বৰ স্থান দখল কৰাৰ লগতে বলিং শাখাৰ শীর্ষস্থানত আছে যশপ্রীত বুমৰাহ।

    Photo Credit: DNA India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING