যোৰহাটত ক’লা বেজ পৰিধান কৰি বাতৰি সংগ্ৰহ সাংবাদিকৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
'কা' বিৰোধী সংবাদ পৰিৱেশন কৰোতে সাংবাদিকক কৰা প্ৰহাৰৰ বাবে সাব্যস্ত এই প্ৰতিবাদ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

‘কা’ বিৰোধী বাতৰি পৰিৱেশন কৰি দুৰ্বৃত্তৰ হাতত প্ৰহৃত হোৱা কংকণ শৰ্মা নামৰ সাংবাদিকজনৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আজি ক’লা বেজ পৰিধান কৰি বাতৰি সংগ্রহ কৰে যোৰহাটৰ সাংবাদিকসকলে। উল্লেখ্য যে, ৭ তাৰিখৰ নিশা যোৰহাটৰ বৰুৱা চাৰিআলিৰ নেহেৰু পাৰ্কৰ সমীপত বাইকত হেলমেট পৰিহিত দুটা দুৰ্বৃত্তই সাংবাদিকজনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে ‘কা’বিৰোধী বাতৰি পৰিৱেশন কৰা বাবে অশ্লীল গালি গালাজ কৰিছিল।

আনহাতে ‘কা’ বিৰোধী প্ৰতিবাদত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা যোৰহাটৰ আন এজন সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাটাও গোচৰ ৰুজু কৰিছিল। আজি যোৰহাটৰ সাংবাদিকসকলে কংকণ শৰ্মাক প্ৰহাৰ কৰা দুৰ্বৃত্তক অতি সোনকালে কৰায়ত্ত কৰাৰ দাবীত তথা উৎপল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ বিনা চৰ্তে খাৰিজ কৰাৰ দাবীত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Input and Photo: Ritu Raj Phukan, Jorhat

Related Post