এগৰাকী ভাৰতৰ জীয়ৰী, যিয়ে নিজৰ পিতৃ প্ৰেমৰ বাবে এতিয়া বিশ্বৰ সৰ্বত্ৰে প্ৰসংশিত। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সকলো বাতৰিতে স্থান লাভ এইগৰাকী জীয়ৰীৰ। এইগৰাকী হৈছে বিহাৰৰ ১৫ বছৰীয়া জ্যোতি কুমাৰী।
যিয়ে নিজৰ আঘাতপ্ৰাপ্ত পিতৃক চাইকেলত উঠাই ১২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি দিল্লীৰ পৰা বিহাৰৰ ঘৰত উপস্থিত হৈছে। যাৰ বাবেই এতিয়া জ্যোতিক প্ৰশংসা কৰিলে সৰ্বত্ৰে, লগতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পেও। লকডাউনৰ সময়ত দিল্লীৰ গুৰুগ্ৰামত আৱদ্ধ হৈ পৰিছিল জ্যোতি আৰু তেওঁৰ পিতৃ।

উল্লেখযোগ্য যে, ভাৰতীয় চাইক্লিং ফেডাৰেছনে জ্যোতিৰ এই কাৰ্য দেখি তেওঁক অহা মাহত ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনাইছে।
Photo Credit: Hindustan Times and the wire