26 C
Guwahati
Sunday, May 16, 2021
More

    ১জুনৰ পৰা দেশত প্ৰতিদিনে সাধাৰণভাৱে চলিব ২০০খন ৰে’ল

    ৰে'ল মন্ত্ৰী পীয়ূষ গোৱেলে জনাইছে এই কথা

    কৰ’ণা সন্ত্ৰাসৰ মাজতে ভাৰতৰ জনসাধাৰণৰ বাবে কেন্দ্ৰীয় ৰে’ল বিভাগে লৈ আনিছে এক সুখবৰ। ১ জুনৰ পৰা ভাৰতত আৰম্ভ হ’ব ৰে’লসেৱা। অচিৰে অনলাইনযোগে আৰম্ভ হ’ব টিকট বুকিং।

    ২০০খন নন-এচি ছেকেণ্ড ক্লাছ ৰে’ল চলোৱাৰ পৰিকল্পনা। সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰে’লত। নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰে’লসমূহ। ৰে’ল মন্ত্ৰী পীয়ূষ গোৱেলে জনাইছে এই কথা।

    অৱশ্যে এইসমূহ ৰে’লত যাত্ৰা কৰাৰ পূৰ্বে প্ৰতিগৰাকী যাত্ৰীয়ে সামাজিক দূৰত্ব মানি চলিব লাগিব। লগতে সকলোৱে ছেনিটাইজাৰৰ ব্যৱহাৰো কৰিব লাগিব। আনহাতে টিকট বুক কৰা সম্পৰ্কে ৰে’ল বিভাগে সৱিশেষ তথ্য সদৰি কৰিব।

    নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰে’লসমূহ। উল্লেখ্য যে, লকডাউনৰ পূৰ্বে ভাৰতীয় ৰে’লৱেৰ অন্তৰ্গত প্ৰায় ১২,০০০ ৰে’ল দেশত চলিছিল। তাৰ সমান্তৰালকৈ ১ মে’ৰ পৰা দেশত প্ৰৱজিত শ্ৰমিকৰ বাবে ৩৬৬ খন বিভিন্ন স্থানৰ পৰা চলিছে।

    Photo Credit: Mercom India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING