বিমানত ৰিপাব্লিক টিভিৰ এডিটৰ–ইন–চীফ অৰ্ণৱ গোস্বামীক অভৱ্য আচৰণ কৰাৰ অভিযোগত কমেডিয়ান কুণাল কামৰাক ৬ মাহৰ বাবে নিষিদ্ধ কৰিলে ইণ্ডিগ’ই। ইয়াৰ পিছত এয়াৰ ইণ্ডিয়াও কামৰাক অনিৰ্দিষ্টকাললৈ নিষিদ্ধ কৰিলে। বুধবাৰে ষ্পাইছজেট আৰু গ’ এয়াৰেও কুণাল কামৰাক নিষিদ্ধ কৰিলে।
এয়াৰ ইণ্ডিয়াই ক’লে, ইণ্ডিগ’ৰ বিমানত সংঘটিত হোৱা ঘটনাটোক প্ৰত্যক্ষ কৰি এয়াৰ ইণ্ডিয়াই জনাই যে কুণালৰ ব্যৱহাৰ নিন্দনীয়। ইয়াৰ বাবে পৰৱৰ্তী জাননী নোপোৱালৈ এয়াৰ ইণ্ডিয়াত যাত্ৰা কৰিব নোৱাৰিব কুণালে।
মুম্বাইৰ পৰা লক্ষ্ণৌ অভিমুখী বিমানত সাংবাদিক অৰ্ণৱ গোস্বামীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে ষ্টেণ্ডআপ কমেডিয়ান কুণাল কামৰাক ব্যক্তিগত এয়াৰলাইনেৰে যাত্ৰা কৰাৰ ক্ষেত্ৰতো ৬ মাহলৈ নিষিদ্ধ কৰিছে ইণ্ডিগ’ই। এয়াৰলাইনে টুইটাৰযোগে ক’লে, মুম্বাইৰ পৰা লক্ষ্ণৌ অভিমুখী বিমানত 6E 5317ত সংঘটিত হোৱা ঘটনাটোৰ বাবে আমি এয়া জনাব বিচাৰিছো যে আমি কুণাল কামৰাক ইণ্ডিগ’ত যাত্ৰা কৰাত নিষিদ্ধ ঘোষণা কৰিছো কাৰণ বিমানত তেওঁৰ ব্যৱহাৰ যথেষ্ট নিন্দনীয় আছিল।
উল্লেখ্য যে মঙলবাৰে জনপ্ৰিয় ষ্টেণ্ডআপ কমেডিয়ান কুণাল কামৰাই নিজৰ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত কুণালে অৰ্ণৱ গোস্বামীক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰা দেখা গৈছে। কিন্তু অৰ্ণৱ গোস্বামীয়ে, কুণালক কোনোধৰণৰ প্ৰত্যুত্তৰ নিদিয়াকৈ লেপটপত কিবা চোৱাত ব্যস্ত দেখা গৈছিল। কথাৰ মাজে মাজে কুণালে দুই এটা অপশব্দও ব্যৱহাৰ কৰিছিল।
কুণালে টুইটাৰত ভিডিঅ’ শ্বেয়াৰ কৰি লিখিলে যে, এয়া মই নিজৰ হিৰ’ৰ বাবে কৰিছো, মই ৰোহিত বেমুলাৰ বাবে কৰিছো।
৬ মাহৰ বাবে নিষিদ্ধ কৰাৰ পিছত কুণালৰ এটাৰ পিছত আনটো টুইট। তেওঁ লিখিলে যে, মই আপোনাক বিচাৰ কৰা নাই। মই ড্ৰাইভ কৰি গোৱা যোৱাৰ পৰিকল্পনা কৰিয়েই আছো…অলপমান ব্ৰেক লোৱাৰো প্ৰয়োজন…
লগতে তেওঁ ক’লে মোদী জী মই খোজ কাঢ়িব পাৰো নে, নে তাতো নিষিদ্ধ
Photo credit: google.com