21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা ইণ্ডোৰ-কামাখ্যা এক্সপ্ৰেছ

    ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা ইণ্ডোৰ-কামাখ্যা এক্সপ্ৰেছ

    ৰে’লৰ যাত্ৰীয়ে ৰে’লৰ পৰা ধোঁৱা ওলাই থকা দেখা পাই খবৰ দিয়ে ৰে’ল কৰ্তৃপক্ষক। ৰে’লৰ পিছফালৰ ব্ৰেকত জুই লগাৰ ফলতে ধোঁৱা ওলাইছিল বুলি জানিব পৰা গৈছে ৷

    পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ কুমাৰগ্ৰাম থানাৰ অন্তৰ্গত অসম-বংগ সীমান্তত অৱস্থিত জোড়াই ষ্টেচনত হঠাতে ৰে’লত জুই জ্বলি উঠাত যাত্ৰীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয় ।

    কামাখ্যা লৈ আহি থকা ইণ্ডোৰ-কামাখ্যা এক্সপ্ৰেছত হঠাৎ জুই লগাত যাত্ৰীৰ মাজত হুৱাদুৱা লাগে। ৰে’লৰ যাত্ৰীয়ে ৰে’লৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰি ৰে’ল কৰ্তৃপক্ষক খবৰ দিয়ে। ৰে’লৰ পাছফালৰ ব্ৰেকত জুই লগাৰ ফলতে ধোঁৱা ওলাইছিল বুলি জানিব পৰা গৈছে ৷

    ঘটনাস্থলীত ৰে’লকৰ্মী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এক ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে ইণ্ডোৰ-কামাখ্যা এক্সপ্ৰেছৰ যাত্ৰীসকল ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    <