ৰাতিৰ ভিতৰতে কোটিপতি হৈ ভাগ্য উজলিল কেইবাজনো খেলুৱৈৰ, পিছে কি কাৰণে কোটি টকাৰ মালিক হ’ল এইসকল খেলুৱৈ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
কলিকতাত বৃহস্পতিবাৰে নিশা হৈ যোৱা আইপিএলৰ নিলামত এইদৰে কোটি কোটি টকা দৰ উঠে খেলুৱৈৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

মানুহৰ মাজত বৰ এক পৰিচিত নাম নহয় এওঁলোকৰ। খেলুৱৈ বিচাপে ভুমুকি মাৰিবলৈ বহু সময়ো হোৱা নাই। খেলৰ পথাৰত ভৰি থোৱা কেইটামান বছৰ হৈছিল হে। পিছে এটা ৰাতিতেই তেওঁলোকৰ দৰ উঠি একেবাৰে কোটি টকাৰ শাৰীত বহিল। এই বৃহৎ সাফল্য লাভ কৰিছে ক্ৰিকেটৰ পথাৰত কেইজনমান নৱাগত খেলুৱৈয়ে।

কলিকতাত বৃহস্পতিবাৰে নিশা হৈ যোৱা আইপিএলৰ নিলামত এইদৰে কোটি কোটি টকা দৰ উঠে খেলুৱৈ কেইজনৰ। এইক্ষেত্ৰত প্ৰথমেই নাম লব লাগিব বলাৰ বৰুণ চক্ৰৱৰ্তীৰ। কলকাতা নাইট ৰাইডাৰ্ছে এই খেলুৱৈ জনক মুঠ ৪ কোটি টকাৰ বিনিময়ত নিজৰ দলত অন্তৰ্ভুক্ত কৰে।

এই তালিকাৰ অন্য এজন খেলুৱৈ হৈছে মুম্বাইৰ যুৱ খেলুৱৈ সুদক্ষ বেটছমেন যশস্বী জায়চৱাল। ৰাজস্থান ৰয়েল্সে এই খেলুৱৈগৰাকীক মুঠ ২ কোটি ৪০ লাখ টকাত কিনে। ১৭ বৰ্ষীয় এই খেলুৱৈ গৰাকী বিজয় হাজাৰে ট্ৰফী খেলৰ জৰিয়তে সকলোৰে আগলৈ আহিছিল।

তৃতীয়তে আছে প্ৰিয়ম গাৰ্গ। ১৯ অনুৰ্ধ বিশ্ব কাপত অধিনায়কৰ দায়িত্ব পালন কৰা এই প্ৰিয়ম গাৰ্গক ১ কোটি ৯০ লাখ টকাত চানৰাইজাৰ্চ হায়দৰাবাদে নিজৰ দললৈ নিয়ে। এই দলতেই ১ কোটি ৯০ লাখ টকাত স্থান লাভ কৰা আন এজন সুদক্ষ খেলুৱৈ হৈছে বিৰাট সিং। বাওঁহতিয়া বেটছমেনগৰাকী ছৈয়দ মুস্তাক আলি ট্ৰফিত লোক চক্ষুৰ সমুখলৈ আহিছিল। এই খেলুৱৈ সকলৰ বয়স কম হলেও নিজৰ নিজৰ গুণৰ বলত অতি সোনকালেই আগুৱাই আহিবলৈ সক্ষম হৈছে। এতিয়া পৰৱৰ্তী সময়ত দেখা যাব এইসকল খেলুৱৈয়ে ভাৰতৰ হৈ জাতীয় দলত স্থান লৈ খেলিবলৈ সুযোগ কেতিয়ালৈ পাব।

Photo Credit: wikipedia.com

Related Post