বলীউডৰ জনপ্ৰিয় আৰু বলিষ্ঠ অভিনেতা ইৰফান খানৰ জীৱনত সংঘটিত হৈছে এক সকৰুণ ঘটনা। অভিনেতাগৰাকীৰ মাতৃ ছায়েদা বেগমৰ বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। শনিবাৰে ৰাজস্থান জয়পুৰৰ নিজা বাসভৱনত চিৰদিনলৈ চকু মুদে ইৰফানৰ মাতৃয়ে।
মাতৃৰ অন্তিম সৎকাৰৰ সময়ত উপস্থিত থাকিব নোৱাৰিলে ইৰফান খান।কাৰণ কৰ’ণাৰ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে ঘোষণা কৰা লকডাউনৰ বাবে অভিনেতাগৰাকী মুম্বাইত আৱদ্ধ হৈ আছে। তাৰেপৰাই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মাতৃলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ইৰফানে।
ইতিমধ্যে কেৱল কেইগৰাকীমান পৰিয়ালৰ লোকৰ উপস্থিতিত ইৰফান খানৰ মাতৃৰ ছায়েদা বেগমৰ অন্ত্যেষ্টিক্ৰিয়া জয়পুৰত সম্পন্ন হৈ গৈছে।ইৰফান খানৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে প্ৰতিজন শুভাকাংক্ষীয়ে।
Photo Credit: Newsd