শীঘ্ৰেই সুখবৰ; নৰসংহাৰী কৰ’ণা ভাইৰাছৰ ছিটা প্ৰস্তুতত ব্যস্ত ইজৰাইল

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ইজৰাইলে সদৰি কৰা অনুসৰি কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক ইতিমধ্যেই প্ৰস্তুত হৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

সমগ্ৰ বিশ্বতে ত্ৰাহি মধুসুধন দেখুওৱা কৰ’ণা ভাইৰাছৰ বৰ্তমানলৈকে উলিয়াব পৰা নাই কোনো প্ৰধিষেধক। যাৰ বাবে দিনে দিনে বাঢ়ি গৈ আছে আক্ৰান্তৰ সংখ্যা। মহাশক্তিধৰ চীনেও নতশিৰ কৰিছে এই মহামাৰীৰ ওচৰত। হাজাৰ হাজাৰ লোক নিধন হোৱাৰ পিছতো বৰ্তমানলৈ চীনে উলিয়াব পৰা নাই ইয়াৰ কোনো প্ৰতিষেধক।

পিছে বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বতে মহামাৰী আখ্যা দিয়া কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে এইবাৰ আগবাঢ়ি আহিছে ইজৰাইল। অনাগত দিনত ইজৰাইলে কৰিব পাৰে ডাঙৰ ঘোষণা।

ইজৰাইলৰ ইষ্টিটিউট ফৰ বায়’ল’জিকেল ৰিচাৰ্ছৰ বৈজ্ঞানিক সকলে ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি সদৰী কৰিছে। ইজৰাইলে সদৰি কৰা অনুসৰি কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক ইতিমধ্যেই প্ৰস্তুত হৈছে।

পিছে ইয়াক মান্যতা প্ৰদানৰ বাবেহে কিছু সময় লাগিছে। মান্যতা লাভ কৰিলেই ইয়াৰ কাম পূৰ্ণগতিত চলিব। বৰ্তামানে দেশখনৰ বৈজ্ঞানিক সকলে কৰ’ণা ভাইৰাছৰ চৰিত্ৰ আৰু মানৱ শৰীৰত ইয়াৰ সংক্ৰমণৰ ওপৰত পৰ্যবেক্ষণ কৰি প্ৰতিষেধক প্ৰস্তুত কৰাত ব্যস্ত।

Photo Credit: The Economics Times

Related Post