21.7 C
Guwahati
Friday, October 22, 2021
More

    জামিয়াত গুলীচালনা কৰাৰ পূৰ্বে যুৱকে ফেচবুকত লিখিছিল..’শ্বাহীন পলা…খেল সমাপ্ত।’

    জামিয়াত গুলীচালনা কৰাৰ পূৰ্বে ধৃত যুৱকে কৰিছিল ফেচবুক LIVE

    জামিয়াত গুলীচালনা কৰা যুৱকজন গ্ৰেটাৰ নয়দাৰ জেৱৰৰ বাসিন্দা। ধৃত যুৱকজন দ্বাদশ শ্ৰেণীত অধ্যয়নৰত। গুলীচালনা কৰাৰ পূৰ্বে এটা পোষ্টত গোপাল নামৰ এই যুৱকজনে লিখিছিল, ‘মোৰ অন্তিম যাত্ৰাত…মোক গেৰুৱা বস্ত্ৰত লৈ যাব…আৰু জয় শ্ৰী ৰামৰ শ্লোগান দিয়া যাওক।’ যুৱকজনে গুলী চলোৱাৰ পূৰ্বে প্ৰতিবাদস্থলীৰ পৰা ফেচবুক লাইভো কৰিছিল।

    জামিয়াত গুলী চলোৱা যুৱকে ফেচবুক পোষ্টত লিখিছিল, ‘শ্বাহীন পলা…খেল সমাপ্ত।’ ফেচবুক পোষ্টটোৰ পৰা যুৱকজনৰ মনোবৃত্তি অনুমান কৰিব পাৰি যে যুৱকজন প্ৰতিবাদস্থলীত মৰিম বা মাৰিম বুলিয়েই আহিছিল।

    এই সন্দৰ্ভত দক্ষিণ-পূব দিল্লীৰ DCP চিন্ময় বিশ্বল ক’লে যে জামিয়াৰ গুলীচালনাত ছাত্ৰজনৰ বাওঁ হাতত গুলী লাগে। চিকিত্সকে জনোৱা অনুসৰি আহত ছাত্ৰজন সংকটমুক্ত।

    গুলীচালনাৰ অভিযুক্ত গোপাল জামিয়াৰ ছাত্ৰ নহয়। ঘটনাৰ পূৰ্বে যুৱকে ফেচবুকত কৰিছিল কেইবাটাও পোষ্ট। পোষ্টকেইটাত প্ৰতিশোধ লোৱাৰ কথা লিখিছিল।

    যুৱকজনে গুলী চলোৱাৰ পূৰ্বে প্ৰতিবাদস্থলীৰ পৰা ফেচবুক লাইভো কৰিছিল।

    জামিয়াত গুলীচালনাত আহত ছাত্ৰক এম্ছৰ ট্ৰামা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে।

    গুলীচালনা কৰা যুৱকক আটক কৰি আৰক্ষীয়ে থানালৈ লৈ যায়।

    চাওক, এইজন যুৱকে জামিয়াত গুলীচালনা কৰিছিল

    Photo credit: navbharattimes.indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING