অৱশেষত জিঅ’ই নতুন প্ৰীপেড প্লেনছ মুকলি কৰিলে। জিঅ’ৰ নতুন প্লেনছসমূহ পুৰণি প্লেনছৰ তুলনাত ৪০ শতাংশলৈ ব্যয়বহুল। কিন্তু জিঅ’ই লগতে এইটো ঘোষণা কৰিছে যে এই প্লেনসমূহৰ জৰিয়তে গ্ৰাহকে ৩০০ শতাংশলৈ অধিক ডেটাৰ সুবিধা লাভ কৰিব। ৬ ডিচেম্বৰৰ পৰা গ্ৰাহকে ক্ৰয় কৰিব পাৰিব জিঅ’ৰ নতুন প্লেনছসমূহ।
ইয়াৰ কিছুদিন পূৰ্বে এয়াৰটেল আৰু বোডাফোন-আইডিয়াও নিজৰ নতুন প্লেন মুকলি কৰিছিল। জিঅ’ই এইটো ঘোষণা কৰিছে যে অন্য কোম্পানীৰ তুলনাত জিঅ’ৰ প্লেনসমূহ সূলভ মূল্যৰ। ইয়াত চাওক এয়াৰটেল, বোডাফোন-আইডিয়া আৰু জিঅ’ৰ প্লেনসমূহৰ মাজত কিমান পাৰ্থক্য।

জিঅ’ই এইটো ঘোষণা কৰিছে যে কোম্পানীটোৰ আটাইতকৈ বেছি বিক্ৰী প্লেনছ- ১২৯ টকা আৰু ১৯৯ টকাৰ প্লেনত গ্ৰাহকে এয়াৰটেল আৰু বোডাফোন-আইডিয়াৰ তুলনাত ১৫-২০ শতাংশলৈ ৰেহাই পাব। মূল্যৰ তুলনা কৰিলে দেখা যায় যে এই ৩টা কোম্পানীৰ তুলনাত জিঅ’ৰ প্লেন ৫০ টকা সস্তা। উদাহৰণস্বৰূপে জিঅ’ৰ ১৯৯ টকাৰ প্লেনত ফ্ৰী ভইচ কলিঙৰ সৈতে 1.5GB ডেটা লাভ কৰে দৈনন্দিন। সেইদৰে এয়াৰটেল আৰু বোডাফোনত এই একেই সুবিধা প্ৰদান কৰা হৈছে ২৪৮ টকা আৰু ২৪৯ টকাত।
উল্লেখযোগ্য যে জিঅ’ই একমাত্ৰ অপেৰেটৰ যিয়ে ২ মাহ অথবা ৫৬ দিনৰ ভেলিডিটীৰ প্ৰীপেড প্লেন অফাৰ প্ৰদান কৰিছে। জিঅ’ৰ ৩৯৯ টকা আৰু ৪৯৯ টকাৰ প্লেনত ক্ৰমেঃ প্ৰতিদিনে 1.5GB আৰু 2GB ডেটা লাভ কৰিব। লগতে ৫৬ দিনৰ ভেলিডিটীৰ সৈতে ২০০০ মিনিটৰ ফ্ৰী কলিং লাভ কৰিব।
জিঅ’ৰ ৮৪ দিন অথবা ৩ মাহৰ ৰিচাৰ্জ প্লেন এয়াৰটেল আৰু বোডাফোনৰ তুলনাত ১০০ টকালৈ সস্তা। উদাহৰণস্বৰূপে ৫৯৯ টকাৰ জিঅ’ৰ প্লেনত প্ৰতিদিনে 2GB ডেটা আৰু ৮৪ দিনৰ ভেলিডিটীৰ সৈতে ৩০০০ ভইচ কলিং মিনিট লাভ কৰিব। সেইদৰে এয়াৰটেল আৰু বোডাফোনত এই একেই সুবিধা প্ৰদান কৰা হৈছে ৬৯৮ টকা আৰু ৬৯৯ টকাত।
বাৰ্ষিকী প্ৰীপেড ৰিচাৰ্জ প্লেনছত ২,১৯৯ টকাৰ প্লেনত প্ৰতিদিনে 1.5GB ডেটা আৰু ৩৬৫ দিনৰ ভেলিডিটীৰ সৈতে ১২,০০০ ভইচ কলিং মিনিট লাভ কৰিব। সেইদৰে এয়াৰটেল আৰু বোডাফোন-আইডিয়াত এই একেই সুবিধা প্ৰদান কৰা হৈছে ২,৩৯৮ টকা আৰু ২,৩৯৯ টকা।
এই ডেটা আৰু ভইচ কলিঙৰ সুবিধাৰ সৈতে জিঅ’ৰ প্ৰীপেড গ্ৰাহকক জিঅ’প্ৰাইম বেনিফিটছ যেনে- 600+ TV চেনেলছ, JioCinema, JioSaavn, JioNews, JioSecurity আৰু JioCloudৰো এক্সেছ লাভ কৰিব।