JNUৰ হিংসা: সমূহ ছাত্ৰ-ছাত্ৰীকে হিংসাৰ পৰা দূৰত থকাৰ বাবে আহ্বান বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
কংগ্ৰেছে এই হিংসাৰ ঘটনাক ৯০ বছৰ পূৰ্বৰ নাজী চৰকাৰে কৰা অত্যাচাৰৰ লগত তুলনা কৰিছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

হিংসাৰ স্থলিত পৰিণত হৈছে দেশৰ অন্যতম বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। আক্ৰমণকাৰীৰ ৰূপত কোনো অজ্ঞাত লোক। মুখত কাপোৰ বান্ধি প্ৰহাৰ শিক্ষাৰ্থীক। শিক্ষাৰ্থী সকলৰ প্ৰতিবাদ দমন কৰিবলৈয়ে এই পন্থা গ্ৰহণ আক্ৰমণকাৰীৰ। আৰক্ষীয়ে বৰ্তমালৈ ধৰি উলিয়াব পৰা নাই আক্ৰমণকাৰীৰ কোনো এজনকে। আক্ৰমণ কৰি উঠি দলটো বিশ্ববিদ্যালয়খনত থকা আৰক্ষীৰ সমুখেৰেই বীৰৰ দৰেই ওলাই আহিছিল, পিছে একো এটা কৰিব পৰা নাছিল কোনো এজন আৰক্ষী বিষয়াই। এই ঘটনা এতিয়া দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰিত কৰা হৈছে।

বৰ্তমানেও ইণ্ডিয়া গেটত অব্যাহত আছে প্ৰতিবাদ। পিছলৈ যাতে আৰু তেনে কোনো ঘটনা নহয় তাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীকে সজাগ হৈ থাকিবলৈ দিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই, লগতে নিৰপত্তা ব্যৱস্থাও আৰু অধিক কঠোৰ কৰি তুলিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই এতিয়া সমূহ ছাত্ৰ-ছাত্ৰীকে হিংসাৰ পৰা দূৰত থকাৰ বাবে আহ্বান জনাইছে। কংগ্ৰেছে এই হিংসাৰ ঘটনাক ৯০ বছৰ পূৰ্বৰ নাজী চৰকাৰে কৰা অত্যাচাৰৰ লগত তুলনা কৰিছে।

কালি হৈ যোৱা ঘটনাটোত আঘাটপ্ৰাপ্ত ৩৪গৰাকী চিকিৎসাধীন ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে হাস্পতালৰ পৰা আহিবলৈ দিয়া হৈছে। নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনেও লৈছে ব্যৱস্থা। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হৈ যোৱা হিংসাত্মক কাৰ্যৰ পিছত এতিয়া আলিগড় মুছলিম বিশ্ববিদ্যালয়তো আৰক্ষীৰ দল সষ্টম হৈ পৰিছে। নিশা হৈ যোৱা এই নিৰ্লজ্জ ঘটনাৰ পিছত দেশৰ অন্য বিশ্ববিদ্যালয় সমূহত প্ৰতিবাদ আৰু অধিক হৈ পৰিছে।

Related Post