উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত সংবাদকৰ্মীৰ মৃত্যু। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিয়ে বাইকেৰে গৈ থকা সংবাদকৰ্মীজনক, ফলত থিতাতে মৃত্যু ঘটে কিশোৰ শৰ্মা নামৰ সংবাদকৰ্মীজনৰ।
গুৱাহাটীৰ পৰা চাংসাৰি অভিমুখে গৈ আছিল এটা ব্যক্তিগত ছেটেলাইট চেনেলত কৰ্মৰত কিশোৰ শৰ্মা আৰু সেই সময়তে দ্ৰুতবেগী ট্ৰাকে পাছফালৰ পৰা খুন্দিয়াই প্ৰায় ৩০০ মিটাৰ চোঁচৰাই নিয়ে বাইকেৰে গৈ থকা কিশোৰ শৰ্মাক। উল্লেখনীয় কথা এয়ে যে মাত্ৰ ৩ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল কিশোৰ শৰ্মা।
Photo Credit : indiatoday.in