২৪ ঘণ্টাৰ ভিতৰত কমলেশ তিৱাৰী হত্যাকাণ্ডৰ ঘটনাৰ ৰহস্য উলিওৱাৰ দাবী কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। ৰছীদ পাঠান নামৰ লোকজন এই হত্যাকাণ্ডটোৰ মূল অভিযুক্ত। ঘটনা সন্দৰ্ভত বৰ্তমানলৈ ৩জন লোকক আটক কৰাৰ কথা প্ৰকাশ কৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ DGP অপী সিঙে। লক্ষ্ণৌত অনুষ্ঠিত এক সংবাদমেলযোগে এই কথা জনায় সিঙে। ৩জনে এই হত্যাকাণ্ডৰ লগত জড়িত। ধৃত ৰছীদ আহমেদ পাঠান, মৌলানা মোহছিন শ্বেখ আৰু ফেজান। ৰছীদ আহমেদ পাঠানৰ বয়স ২৩ বছৰ।
উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনোৱা অনুসৰি ৰছীদ আহমেদ পাঠান কম্পিউটাৰৰ পাকৈত, কিন্তু পেছাত এজন দৰ্জী। আটক দ্বিতীয় লোকজন মৌলানা মোহছিন শ্বেখৰ বয়স ২৪ বছৰ আৰু এখন শাৰীৰ দোকানত কাম কৰে। তৃতীয়জনৰ নাম ফেজান আৰু তাৰ বয়স ২১ বছৰ। এখন জোতাৰ দোকানত কাম কৰে এই লোকজনে।
ৰছীদ পঠানৰ চুৰটৰ বাসিন্দা, ৰছীদৰ আন দুজন বন্ধু গুজৰাট ATS-এ মাজনিশা চুৰটৰ পৰা আটক কৰে।

ৰছীদ পঠানৰ চুৰটৰ বাসিন্দা, ৰছীদৰ আন দুজন বন্ধু গুজৰাট ATS-এ মাজনিশা চুৰটৰ পৰা আটক কৰে।
কমলেশ তিৱাৰীৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তক গুজৰাট ATS-এ মাজনিশা আটক কৰে। প্ৰকাশ পালে CCTVৰ ভিডিঅ’। ভিডিঅ’টোত কেইবাগৰাকী বিষয়াই অভিযুক্তক এটা ঘৰৰ পৰা লৈ যোৱা দেখা গৈছে।