কেৰালাত গৰ্ভৱতী হাতীৰ মৃত্যু ঘটনা সন্দৰ্ভত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। কেৰালাৰ বন মন্ত্ৰী কে ৰাজুয়ে ক’লে যে কেৰালাৰ পলক্কডত গৰ্ভৱতী হাতীৰ মৃত্যু সন্দৰ্ভত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
ইয়াৰ পূৰ্বে গৰ্ভৱতী হাতীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৩ সন্দেহজনক লোকক সোধা-পোছা কৰা হৈছিল।
উল্লেখ্য যে এই ঘটনাটোৱে সমগ্ৰ দেশতে তোলপাৰ লগাইছিল। কেৰালাৰ ছাইলেণ্ট বেলী নেচনেল পাৰ্কৰ এটি গৰ্ভৱতী হাতীক কেইজনমান লোকে আনাৰসত ফটকা ভৰাই খুৱাইছিল।
আনাৰাসটো চোৱাই খাওতে মুখতে বিস্ফোৰণ ঘটিছিল ফটকাটো। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হাতীটো।
এসপ্তাহৰ পিছত ২৭ মে’ত মল্লপুৰমৰ বেল্লিয়াৰ নদীত মাইকী হাতীজনীৰ মৃত্যু হৈছিল।
ইয়াৰ পিছতে মাইকী হাতীজনীৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ জৰিয়তে জানিব পৰা গৈছিল যে হাতীজনী গৰ্ভৱতী আছিল।
এই ঘটনাটো বিয়পি পৰাৰ লগে লগে বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰিছিল। দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই সমগ্ৰ দেশৰ লোকে।
কেৰালা চৰকাৰে তদন্তৰ বাবে বন বিভাগৰ এটা বিশেষ তদন্ত কমিটী গঠন কৰে।
এই ঘটনা পোহৰলৈ অহাৰ পিছত কেৰালাৰ বন বিভাগে টুইটাৰযোগে ক’লে যে মাইকী হাতীজনীৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বন্যপ্ৰাণী সংৰক্ষণ আইনৰ ধাৰাৰ আধাৰত গোচৰ ৰুজু কৰা হৈছিল।
সন্দেহজনক কেইবাজনো লোকক সোধা-পোছা কৰা হৈছিল।
দেশজুৰি এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ মাজতে কেৰালাৰ মুখ্যমন্ত্ৰী পি বিজয়নে বুধবাৰে কৈছিল যে কোজিকোডৰ পৰা বন্যপ্ৰাণী অপৰাধ তদন্ত দলক এই ঘটনাৰ দায়িত্ব প্ৰদান কৰা হৈছে।
তেওঁ আশ্বাস প্ৰদান কৰিলে যে দোষীয়ে শাস্তি পাবয়ে।
কিন্তু হাতীজনীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক ৰিপৰ্টৰ অনুসৰি দেহত পানী যথেষ্ট সোমাই যোৱা বাবে হাতীজনীৰ হাওঁফাওঁ বন্ধ হৈ পৰিছিল। https://www.time8.in/kerala-pregnant-elephant-killed-after-eating-a-pineapple/
মৰণোত্তৰ পৰীক্ষাত এইটো কথাও প্ৰকাশ পাইছিল যে মুখত ফটকা বিস্ফোৰণ হোৱা বাবে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল হাতীজনীৰ মুখৰ ভিতৰ অংশ।
অসহ্যকৰ বিষৰ বাবে একো বস্তু খাব পৰা নাছিল।
অত্যাধিক দুৰ্বলতাৰ বাবে হাতীজনীয়ে নদীত নামি গৈছিল আৰু তাতে ডুবি যোৱা বাবে মৃত্যু হৈছিল।
Photo credit: Google.com