Skip to content

দুটা ভাগত বিভক্ত হ’ল KMSS; এফালে KMSS আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
অখিল গগৈয়ে দিনত আন্দোলন, ৰাতি মাহেকীয়া ছিণ্ডিকেট চলায় বুলিও উল্লেখ কৰে প্ৰগতিশীলৰ নেতা সকলে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Time8
Time8

দুই ভাগত বিভক্ত হ’ল অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতি । কৃষক মুক্তিৰ পৰা ওলাই আহি বহু নেতা-কৰ্মীয়ে গঠন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল । প্ৰগতিশীললৰ নেতাৰ দাবী আন্দোলনৰ নামত সহজ-সৰল কৃষকক ব্লেকমেইলিং কৰিছে অখিলে ।

অখিল গগৈয়ে দিনত আন্দোলন, ৰাতি মাহেকীয়া ছিণ্ডিকেট চলায় বুলিও উল্লেখ কৰে প্ৰগতিশীলৰ নেতা সকলে । দৰিদ্ৰ লোকক মাটিৰ পট্টাৰ নামতো কৰিছে ব্যাপক ধন সংগ্ৰহ । বিভিন্ন ৰাজনৈতিক দলৰ বহতীয়া হিচাপে কাম কৰিছে অখিল গগৈয়ে । কৃষকৰ সমস্যাৰ কথা কৈ অখিল গগৈয়ে কেৱল ৰাজপথতেই আন্দোলন কৰিছে । অখিল গগৈৰ স্বেচ্ছাচাৰিতা আৰু একনায়কত্ববাদত অতিষ্ঠ হৈ গঠন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল ।

লখিমপুৰৰ বান্দৰদেৱা প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই বিস্ফোৰক অভিযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীলৰ নেতৃত্বই । সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীলৰ মুখ্য উপদেষ্টা প্ৰদীপ গগৈ, বিপিন দাস, সভাপতি সুনন্দ হাজৰিকা উপস্থিতি থাকি ৰাজপথৰ আন্দোলনৰ পৰিৱৰ্তে গ্ৰামাঞ্চলৰ কৃষক সকলক প্ৰকৃত কৃষি বিপ্লৱৰ জৰিয়তে আগবঢ়াই লৈ যোৱাৰ পোষকতা কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰি মুঠ ৭১ জনীয়া কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীলৰ তদৰ্থ সমিতি গঠন কৰাৰ কথা ঘোষনা কৰে সংবাদমেলখনত ।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp