22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম কৰ্তব্যৰত আৰক্ষীৰ মমতাময়ী ৰূপ! এইখন অসমৰে বিশেষ দৃশ্যই চুই গৈছে সকলোৰে মন

    কৰ্তব্যৰত আৰক্ষীৰ মমতাময়ী ৰূপ! এইখন অসমৰে বিশেষ দৃশ্যই চুই গৈছে সকলোৰে মন

    দৰং জিলাৰ মঙলদৈৰ ডনবস্ক’ স্কুল পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখিবলৈ পোৱা গ’ল এক বিশেষ দৃশ্য। যি দৃশ্যই মন পুলকিত কৰি তুলিছে বিভিন্নজনৰ। সেই বিশেষ দৃশ্যই এতিয়া খলকনি তুলিছে ছচিয়েল মিডিয়াতো।

    দুগৰাকী মহিলা আৰক্ষী জোৱানৰ কোলাত সুন্দৰকৈ উমলিছে দুটি কণমানি। মহিলা জোৱান দুগৰাকীয়ে নিচুকাইছে শিশুদুটিক। নিষ্পাপ শিশু দুটিয়েও কোনো আমনি নকৰাকৈ হাঁহিছে, খেলিছে খাকী পোছাকধাৰী মহিলা দুগৰাকীৰ কোলাত। আৰু এই দৃশ্যই এতিয়াও আকৰ্ষিত কৰিছে সকলোকে।

    উল্লেখ্য যে আজি (১০ নৱেম্বৰ, দেওবাৰ) শিক্ষা বিভাগে অনুষ্ঠিত কৰা টেট পৰীক্ষা দিবলৈ আহিছিল দুগৰাকী মহিলা। পৰীক্ষাৰ্থী দুগৰাকী বিবাহিত, আছে কণমানি সন্তান। সেয়ে পৰীক্ষা দিবলৈ যোৱা মহিলা দুগৰাকীয়ে পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে টেট পৰীক্ষা কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্বত থকা দুগৰাকী মহিলা আৰক্ষী জোৱানক চমজাই থৈ যায় নিজ সন্তানক আৰু মহিলা আৰক্ষী জোৱান দুগৰাকীয়েও পৰীক্ষা শেষ নোহোৱালৈকে নিজ মাতৃৰ দৰেই মৰম কৰি সুন্দৰকৈ চম্ভালিলে পৰীক্ষাৰ্থী দুগৰাকীয়ে গতাই থৈ যোৱা কণমানি দুটিক।

    Photo : Smitarani Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...