Skip to content

লংকাত অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যুক লৈ সৃষ্টি ৰহস্যৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ দুৰ্ভগীয়া বোৱাৰীগৰাকীৰ পৰিয়ালৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

অগ্নিদগ্ধ এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি লংকাত সৃষ্টি হৈছে ৰহস্যৰ। পাৰিবাৰিক কন্দলৰ বাবেই যোৱা ১৩ ডিচেম্বৰৰ নিশা স্বামীয়ে জ্বলাই দিয়া লংকাৰ ১নং পিপলপুখুৰীৰ মামনি সোম নামৰ বোৱাৰীগৰাকীৰ মৃত্যুক লৈ সৃষ্টি হৈছে এই ৰহস্যৰ। ৮ দিন চিকিৎসালয়ত মৃত্যুৰে যুঁজি অৱশেষত কৰুণ মৃত্যুক আঁকোৱালি লোৱা মমতাৰ মৃত্যুক সহজভাৱে লোৱা নাই মমতাৰ পিতৃ পৰিয়ালে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে মমতাৰ পৰিয়ালে।

গাত কেৰাচিন তেল ঢালি মমতাক হত্যা কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে,বিবাহৰ পাছৰে পৰা শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই অহা স্বামী সঞ্জিত সোমে ১২ ডিচেম্বৰৰ দিনা এক বৈবাহিক অনুষ্ঠানত শহুৰেকৰ ঘৰৰ পৰা পত্নীৰে সৈতে লংকাৰ নিজ ঘৰলৈ অহাৰ পিছদিনাই ১৩ ডিচেম্বৰৰ নিশা পত্নী মামনি অগ্নিদগ্ধ হয়।

কিন্তু এই ঘটনাৰ বিষয়ে মামনিৰ পৰিয়ালক অৱগত নকৰাকৈয়ে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিছিল। এই বিষয়ে অৱগত হোৱা নাছিল মমতাৰ পৰিয়াল। স্থানীয় লোকৰ পৰা জানিব পাৰিহে মমতাৰ পৰিয়ালৰ লোকে উপস্থিত হৈছিল চিকিৎসালয়ত। ইতিমধ্যে, মামনি সোমৰ পৰিয়ালৰ লোকে স্বামী সঞ্জিতৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।

Photo Credit:@biswajit-chakraborty

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp