Skip to content

ভাৰতত যোৱা ২৪ ঘণ্টাত ৬২জন কৰ’ণা ৰোগীয়ে হেৰুৱালে প্ৰাণ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
অসমত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩৬লৈ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

সমগ্ৰ বিশ্বতে এতিয়া মাথো কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা।যোৱা ২৪ ঘণ্টাত ভাৰতত ৬২ গৰাকী কৰ’ণা ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে এই তথ্য। নতুন পজিটিভ কেছ পোহৰলৈ আহিছে ১,৫৪৩টা।

প্ৰতিদিনে সংক্ৰমিত হোৱা কৰ’ণাই চকুৰ টোপনি কাঢ়িছে ভাৰতীয়ৰ। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জাৰি সংখ্যা অনুসৰি দেশজুৰি কৰ’ণা পজিটিভ লোকৰ সংখ্যা হ’ল ২৯,৪৩৫।এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ২১,৬৩২ গৰাকী লোকক।সুস্থ হৈ উঠিছে ৬৮৬৮জন লোক।

এইপৰ্যন্ত মৃত্যু হৈছে ৯৩৪জনৰ। ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত কৰ’ণাত আক্ৰান্ত হৈছে মুঠ ৮,৫৯০ গৰাকী লোক।ইয়াৰে মৃত্যু হৈছে ৩৪২জনৰ।লকডাউন সম্পূৰ্ণৰূপে ভাৰতবাসীয়ে মানি চলাৰ বাবেই যথেষ্ট নিয়ন্ত্ৰিত হৈ আছে ভাৰতৰ পৰিস্থিতি।

উল্লেখ্য যে অসমত আজি পুনৰ ধৰা পৰিছে কৰ’ণাত আক্ৰান্তৰ এটি নতুন ঘটনা।ইয়াৰ লগে লগে অসমত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩৬লৈ।

Photo Credit: Forbes

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp