ভাৰতত কৰ’ণা ভাইৰাছৰ সংকট ধাৰাবাহিকভাৱে বৃদ্ধি হৈ গৈ আছে। ইয়াৰ মাজতে কৰ’ণা সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ লকডাউন দুসপ্তাহলৈ বৃদ্ধি কৰিছে। গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এই কথা। ৪ মে’ৰ পৰা ১৭ মে’লৈকে বৃদ্ধি লক ডাউন। ৰেড, গ্ৰীন আৰু অৰেঞ্জ জনৰ বাবে পৃথকে পৃথকে নিৰ্দেশনা কৰা হৈছে। অৰেঞ্জ আৰু গ্ৰীন জনৰ বাবে কিছু কিছু শিথিলতাৰ সম্ভাৱনা।
প্ৰথম পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছিল ২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ। পিছত এই লকডাউনৰ সময়সীমা বৃদ্ধি কৰি হৈছিল ১৫ এপ্ৰিলৰ পৰা ৩ মে’লৈ। দ্বিতীয় পৰ্যায়ৰ লকডাউন সমাপ্ত হোৱাৰ পূৰ্বে মোদী চৰকাৰে ঘোষণা কৰিলে পুনৰ লকডাউন বৃদ্ধিৰ কথা। তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়সীমা হ’ল ৪ মে’ৰ পৰা ১৭ মে’লৈকে। অৰ্থাৎ পুনৰ দুসপ্তাহলৈ বৃদ্ধি কৰা হ’ল লকডাউনৰ সময়সীমা।
Photo credit: kalingatv.com