কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে তামিলনাডুত লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ভাৰতত লকডাউনৰ সময়সীমা বৃদ্ধি কৰা এইখন সপ্তমখন ৰাজ্য। ইয়াৰ পূৰ্বে ওড়িশা, পশ্চিমবংগ, তেলেংগানা, মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু ৰাজস্থানত ৩০ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছিল লকডাউন। শনিবাৰে বৃদ্ধি কৰা হৈছিল মহাৰাষ্ট্ৰ, পশ্চিমবংগ আৰু তেলেংগানাত বৃদ্ধি কৰা হৈছিল লকডাউন। আটাইকেইখন ৰাজ্যৰ ভিতৰত ওড়িশাই প্ৰথমে বৃদ্ধি কৰিছিল লকডাউনৰ সময়সীমা।
ভাৰতত লকডাউনৰ মাজতে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা দেওবাৰৰ দিনটোত কিছু হ্ৰাস পায়। বিগত দিনত আক্ৰান্ত লোকৰ সংখ্যাৰ ঘৰে ৮০০ অতিক্ৰম কৰিলে, কিন্তু দেওবাৰৰ দিনটোত এই লোকৰ সংখ্যা হ’ল ৭০৫। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা সমীক্ষা অনুসৰি বিগত ২৪ ঘণ্টাত ৩৫ গৰাকী লোকৰ মৃত্যু হয় আৰু নতুনকৈ ৭০৫জন লোক আক্ৰান্ত হৈছে।
বৰ্তমান কৰ’ণা ভাইৰাছ পজিটিভৰ সংখ্যা হ’লগৈ ৯১৫২। দেওবাৰে নিশা নাগালেণ্ডত প্ৰথমজন লোকৰ দেহত কৰ’ণা পজিটিভ পোৱা গৈছে। আনহাতে, মহাৰাষ্ট্ৰত ৮২, উত্তৰপ্ৰদেশৰ আগৰাত ৩০, গুজৰাটত ২২, মধ্যপ্ৰদেশৰ ইণ্ডোৰত ২২, কৰ্ণাটকত ১৫, অন্ধ্ৰপ্ৰদেশত ১২, ৰাজস্থানত ৪৩ আৰু মুম্বাইৰ ধাৰাবীত ৪টা নতুন ঘটনা পোহৰলৈ আহে।
Photo credit: PTI