29 C
Guwahati
Wednesday, June 3, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় লকডাউনত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা বাবে পুত্ৰই পিতৃৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

    লকডাউনত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা বাবে পুত্ৰই পিতৃৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

    সন্ত কুঞ্জ দক্ষিণ থানাত দিয়া এজাহাৰ অনুসৰি, পুত্ৰই কৈছিল যে তেওঁৰ পিতৃয়ে সদায় পুৱা ৮ বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, কেইবাবাৰো বুজোৱাৰ পিছতো ঘৰত থাকিব নিবিচাৰে

    কৰ’ণা ভাইৰাছৰ দৰে মহামাৰী সংকট দূৰ কৰিবলৈ দেশত এতিয়া বলবৎ লকডাউন। এই সময়ত বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে, ৰাজধানী দিল্লীত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ইয়াৰ মাজতে দিল্লীৰ পৰা এটা ঘটনা পোহৰলৈ আহিছে, য’ত এজন পুত্ৰই পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। গোচৰ ৰুজু কৰাৰ কাৰণ হ’ল পিতৃয়ে লকডাউনৰ নীতি-নিয়মসমূহ পালন কৰি থকা নাছিল।

    দৰাচলতে দক্ষিণ পশ্চিম দিল্লীত এজন পুত্ৰই লকডাউনৰ নিয়ম পালন নকৰাৰ বাবে থানাত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। বসন্ত কুঞ্জ দক্ষিণ থানাত দিয়া এজাহাৰ অনুসৰি, পুত্ৰই কৈছিল যে তেওঁৰ পিতৃয়ে সদায় পুৱা ৮ বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, কেইবাবাৰো বুজোৱাৰ পিছতো ঘৰত থাকিব নিবিচাৰে।

    যুৱকজনে কোৱা অনুসৰি তেওঁ দৈনিক পিতৃক কৰ’ণা ভাইৰাছ মহামাৰী, লকডাউনৰ নিয়মসমূহৰ বিষয়ে জনাই আছে কিন্তু বাৰে বাৰে পিতৃয়ে তেওঁৰ কথা গুৰুত্ব সহকাৰে নলয়।

    আৰক্ষীয়ে এই গোচৰত ব্যৱস্থা গ্ৰহণ কৰে আৰু নিজেই গৈ ৫৯ বছৰীয়া লোকজনক ইয়াৰ বিষয়ে বুজাবলৈ চেষ্টা কৰে। আৰক্ষীয়ে এনেদৰে বুজালে যে বৰ্তমান ১৪৪ ধাৰা অব্যাহত আৰু লকডাউনো, এইখিনি সময়ত ঘৰৰ পৰা ওলোৱাটো উচিত নহয়। কিন্তু আৰক্ষীয়ে বুজোৱাৰ পিছতো লোকজন মান্তি নোহোৱাত পুত্ৰই দিয়া গোচৰৰ ভিত্তিত FIR লিখা হ’ল।

    Photo Credit: PTI

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING