Skip to content

কৰ’ণা ভাইৰাছঃ ইণ্ডোৰত কৰ’ণা সংক্ৰমিত এজন ৬২ বছৰীয়া চিকিত্সকৰ মৃত্যু

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
তেওঁ ক'লে, 'আমি সন্দেহ প্ৰকাশ কৰিছো যে ভাইৰাছত সংক্ৰমিত হোৱাৰ পিছত প্ৰাণ হেৰুওৱা চিকিত্সকগৰাকী কোনো ৰোগীৰ সংস্পৰ্শত আহিছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

কৰ’ণা ভাইৰাছৰ সংক্ৰমণত অহাৰ বাবে ইণ্ডোৰত প্ৰথমজন চিকিত্সকৰ মৃত্যু হয়। শত্ৰুঘ্ন পঞ্জবাণী নামৰ চিকিত্সকজন কোবিড-১৯ৰ কৱলত পৰা বাবে মৃত্যুক সাৱটি লয়। তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ৪ বজাত লোকজনে শেষ উশাহ লয়।

চিকিত্সকজনে কৰ’ণা সংক্ৰমিত ৰোগীৰ চিকিত্সা কৰি থকা নাছিল। যাৰ বাবে সন্দেহ প্ৰকাশ কৰা হৈছিল যে চিকিত্সকজন কোবিড-১৯ৰ সংস্পৰ্শত আহিছে। কিছু দিন পূৰ্বে তেওঁ কৰ’ণাত আক্ৰান্ত পোৱা গৈছিল। ইণ্ডোৰত কৰ’ণা পজিটিভ ৰোগীৰ সংখ্যা হৈছে ২১৩জন। ইয়াৰোপৰি কেইবাজনো চিকিত্সক কৰ’ণাত আক্ৰান্ত।

মুখ্য চিকিত্সা তথা স্বাস্থ্য বিষয়া চিকিত্সক প্ৰৱীণ জড়িয়াই ক’লে যে ৬২ বছৰীয়া লোকজন সাধাৰণ চিকিত্সক আছিল। তেওঁ ব্যক্তিগত হাস্পতালত চিকিত্সাধীন হৈ আছিল। তেওঁৰ পৰীক্ষাত ভাইৰাছ সংক্ৰমিত পোৱা গৈছিল।

তেওঁ ক’লে, ‘আমি সন্দেহ প্ৰকাশ কৰিছো যে ভাইৰাছত সংক্ৰমিত হোৱাৰ পিছত প্ৰাণ হেৰুওৱা চিকিত্সকগৰাকী কোনো ৰোগীৰ সংস্পৰ্শত আহিছে। আমি উলিয়াবলৈ চেষ্টা কৰিছো যে চিকিত্সকজন এই সংক্ৰমণৰ কৱলত কেনেকৈ পৰিল।

Photo credit: www.news18.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp