14 C
Guwahati
Wednesday, January 20, 2021
More

    পশ্চিম বংগত যদি কুকুৰাই কণী নাপাৰে তেতিয়া আমি দোষী যদি গাইয়ে গাখীৰ নিদিয়ে তেতিয়াও আমিয়েই দোষী: আছাদুদ্দিন অৱেছী

    ‘‘য’ত আপোনাৰ নেতৃত্ব আছে তাতেই বিজেপিয়ে ১৮ খন আসন দখল কৰিছে৷ আপুনি বিজেপিৰ জয়যাত্ৰাক ৰুধিব নোৱাৰি মোলৈ কিয় আঙুলি টোৱাইছে? আমিতো এতিয়ালৈকে পশ্চিমবংগত নিৰ্বাচন খেলা নাই৷’’

    পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু All India Majlis-e-Ittehadul Muslimeen(AIMIM)ৰ সভাপতি আছাদুদ্দিন অৱেছীৰ বাদ-বিবাদে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে৷ সদ্যহতে আছাদুদ্দিন অৱেছীৰ এক মন্তব্য চৰ্চাত আহিছে৷ তেওঁ কয়-

    ‘‘আজিকালি সকলো কথাতে আমাকেই দোষাৰোপ কৰা হয়৷ আজিকালি মুছলমান সলনি হ’ল সেই কথা কিন্তু কোনেও নাজানে৷ পশ্চিম বংগত বিজেপিক স্তব্ধ কৰিব পৰা নগ’ল সেই কথাটোতো দোষাৰোপ কৰা হৈছে আমাকেই৷ মমতা বেনাৰ্জীৰ মুখত মোৰ নাম লোৱা শুনিবলৈ পাও, তাৰবাবে তেওঁক মই ধন্যবাদ জনাব বিচাৰিছো কাৰণ কোনোবাই যে মোক টাৰ্গেট কৰিব পাৰিছে৷ পশ্চিম বংগত যদি কুকুৰাই কণী নাপাৰে তেতিয়া আমি দোষী যদি গাইয়ে গাখীৰ নিদিয়ে তেতিয়াও আমিয়েই দোষী৷’’

    অৱেছীয়ে মমতাক প্ৰশ্ন কৰে ‘‘য’ত আপোনাৰ নেতৃত্ব আছে তাতেই বিজেপিয়ে ১৮ খন আসন দখল কৰিছে৷ আপুনি বিজেপিৰ জয়যাত্ৰাক ৰুধিব নোৱাৰি মোলৈ কিয় আঙুলি টোৱাইছে? আমিতো এতিয়ালৈকে পশ্চিমবংগত নিৰ্বাচন খেলা নাই৷’’

    উল্লেখ্য যে বংগৰ দিদি মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ কোচবিহাৰৰ এক কাৰ্যক্ৰমত ভাগ লৈ মুছলমান লোকসকলক আছাদুদ্দিন অৱেছীক বিশ্বাসত নল’বলৈ আহ্বান জনাইছিল৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Buffalo Fights Continue in Assam despite SC ban

    Earlier, though they're used to be organising committees for the events, with SC ruling, villagers now a day organize such events by their own

    Meet ‘Asmi’: India’s First Indigenously Developed 9mm Machine Pistol

    The Machine Pistol fires the in-service 9mm ammunition and sports an upper receiver made from aircraft-grade Aluminium and lower receiver from carbon fibre

    BREAKING: Final photo electoral rolls for Guwahati published

    Chief Election Commissioner Sunil Arora to begin their three-day-long visit to the state from Monday

    Uruka: Assam soaks in Bhogali Bihu festivities

    It is a tradition for the Assamese to buy fish for Uruka and markets are filled with various types of fish like chital, Borali, Bhokua and others

    It’s Fasting, not Feasting: Raijor Dal demands Akhil Gogoi’s release

    The NIA accused Gogoi of sending a group of KMSS to some secret Maoist camps of Odisha for training on weapons

    Magh Bihu fervor grips Assam; wishes pour in from ministers

    The day started with lighting of the ‘Meji’ after which people offer prayers for peace and wellbeing of their families and loved ones.