21 C
Guwahati
Sunday, May 9, 2021
More

    তামুলপুৰত আৰু কিমান দিনলৈ হাতী-মানুহৰ সংঘাত?

    বন বিভাগৰ লোকে স্থানীয় ৰাইজৰ সহযোগত ফটকা বোমা ফুটাই হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়৷ বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ভুক্তভোগী জনতা

    তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ৷  তামুলপুৰ মহকুমাৰ নাগ্ৰিজুলী, খাটৰবাৰী, জয়পুৰ,বাল্টিপাৰ, কেম্পানীবাৰী, কাউলী,হৰিণচাৰা আদি অঞ্চলত প্ৰতিনিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই মানুহৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিঘাই  বিঘাই শালি ধানৰ খেতি খাই নষ্ট কৰাৰ লগতে বাৰীৰ তামোল, পাচলিৰ খেতি নষ্ট কৰে ৷

    Photo Credit: Time8

    বৃহস্পতিবাৰে নিশাও  বনৰীয়া হাতীয়ে নাগ্ৰিজুলী,বাল্টিপাৰত প্ৰৱেশ কৰি  কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বহু বিঘা জহা ধানৰ খেতি খাই নষ্ট কৰাৰ লগতে বাৰীৰ তামোল নাৰিকল,কলৰ বাগান তহিলং কৰে৷

    Photo Credit: Time8

    বন বিভাগৰ লোকে স্থানীয় ৰাইজৰ সহযোগত  ফটকা বোমা ফুটাই হাতীৰ জাকটোক খেদি পঠাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়৷ বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ভুক্তভোগী জনতা৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING