Skip to content

বেংকৰ ভিতৰত প্ৰথমে পেলালে পিক, তাৰ পিছত কি দুৰ্দশা হ’ল চাওক VIDEO

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
পাঠশালা ষ্টেট বেংকত সংঘটিত হৈছে এই ঘটনা
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বেংকৰ ভিতৰ তামোল, পান, গুটখা খাই প্ৰৱেশ কৰোতে সাৱধান হওক আপুনিও কাৰণ আপোনাৰো হ’ব পাৰে এই লোকজনৰ দৰে দুৰ্দশা। বেংকৰ ভিতৰৰ দেৱালত পিক পেলাই নিজেই ঠাই চাফা কৰিব লগা হল এজন যুৱকে। পাঠশালা ষ্টেট বেংকত সংঘটিত হৈছে এই ঘটনা।

ভাৰতীয় ষ্টেট বেংকৰ পাঠশালা শাখাৰ এজন গ্ৰাহকে বেংকৰ ওপৰ মহলাৰ পৰা নামি অহা চিৰিত গুটখা খাই পিক পেলাই থৈ যোৱা পিছতে CCTVৰ জৰিয়তে বেংক কৰ্তৃপক্ষৰ চকুত পৰে এই দৃশ্য। তাৰ পিছতে চিচি টিভিৰ দৃশ্য চাই পিক পেলোৱা যুবকজনক কৰায়ত্ত কৰিব বিচাৰোতে সেই স্থানৰ পৰা পলায়ন কৰে কিন্তু বেংক বিষয়া নিলম কলিতাই যুৱকজনক আটক কৰে।

আটক কৰাৰ পিছত বেংক বিষয়াই চিৰিত পেলাৱা পিক চাফা কৰি ৰং দিবলৈ বাধ্য কৰাই যুৱকজনক।

সাধাৰনতে বেংকলৈ অহা একাংশই পান, তামোল, গুটখা খাই বেংকৰ চিৰিত পিকাই থৈ যোৱা দেখা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ পিক নেপেলাবলৈ অনুৰোধ জনাই বেংক কৰ্তৃপক্ষই বহুবাৰ লিখিত জাননী আৰি থয়, ভগৱানৰ ফটো লগাই কিন্তু কোনোধৰণৰ সুফল নোপোৱাত বেংক কৰ্তৃপক্ষই চিচি কেমেৰাৰ ব্যৱস্হা কৰে আৰু এই CCTVৰ জৰিয়তে পাঠশালাত বেংকত পিক পেলোৱা যুৱকজনক আটক কৰি এই শাস্তি বিহা হয়।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp